লামডিঙত অবৈধভাৱে সৰবৰাহ কৰা ৩১টন লোহা জব্দ,৫জনক আটক

1 min read

নিউজ ব্যুৰ’,নগাঁও,৯আগষ্ট:–লামডিঙত সক্ৰিয় হৈ পৰিছে ৰেলৱে সামগ্ৰী সৰবৰাহকাৰী চক্ৰ। শুকুৰবাৰে ৰেল সুৰক্ষা বাহিনী (আৰ পি এফ)ৰ চি আই বি দলে অভিযান চলাই লামডিঙৰ বৰলংফাৰৰ পৰা গুৱাহাটী অভিমুখে যোৱা এখন ট্ৰাকৰ পৰা ৩১টন চোৰাং লোহা জব্দ কৰে । ঘটনা সংক্ৰান্তত ইতিমধ্যে ৫জন লোকক আটক কৰিছে ৰেল সুৰক্ষা বাহিনীয়ে ।
ঘটনাৰ বিৱৰণী মতে আৰ জে ০৫ জি বি ৪৪১৬ নম্বৰৰ ট্ৰাকখনৰ জৰিয়তে ৰেলৰ শ্লিপাৰ অবৈধভাৱে সৰবৰাহ কৰোঁতেই ৰেল সুৰক্ষা বাহিনীৰ চি আই বি দলে ট্ৰাকখন জব্দ কৰাৰ লগতে ৫জনকৈ লোকক আটক কৰে। আটকধীন লোককেইজন ক্ৰমে মলয় পাল,পুষ্পপেন্দ্ৰ কুমাৰ,মুকেশ কুমাৰ, অনিল কুমাৰ আৰু ৰতন দাস বুলি জানিব পৰা গৈছে। এই ঘটনা সংক্ৰান্তত ৰেলৱে সুৰক্ষা বাহিনীয়ে নিজাববীয়াকৈ ৫/২০২৪ u/s ৩(a)RP(up) Actৰ অধীনত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। আটকাধীন লোককেইজনক সোধাপোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে। আটকাধীন ৫জন এছ.কে. মিডদিয়া এণ্ড কো. আৰু মণ্ডল ট্ৰেডাৰ্চৰ বুলি জানিব পৰা গৈছে। ইয়াৰে মলয় পাল এছ.কে. মিডদিয়া এণ্ড কো.ৰ চুপাৰভাইজাৰ হিচাপে কৰ্মৰত। উক্ত কোম্পানীৰে চালক হেণ্ডিমেন আৰু ট্ৰাকৰ মালিককো আৰ পি এফে ইতিমধ্যে আটক কৰিছে। লগতে ৰেলৱে সুৰক্ষা বাহিনীয়ে এখন নম্বৰ বিহীন ট্ৰেক্টৰো জব্দ কৰিছে ৷ চোৰাংভাৱে এইদৰে ৰেলৰ লোহা সৰবৰাহ তথা বিক্ৰী কৰাৰ আঁৰত ৰেলৰ একাংশ বিষয়া কৰ্মচাৰী জড়িত থকাৰো অভিযোগ উত্থাপন হৈছে। ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author