আমেৰিকাৰ জৰ্জিয়া ইউনিভাৰছিটিত জলপানীসহ গৱেষণাৰ বাবে নিৰ্বাচিত মৰিগাঁৱৰ মেধাৱী ছাত্ৰী প্ৰাপ্তি কাকতি

1 min read

নিউজ ব্যুৰ’,নগাঁও,১২আগষ্ট :– মৰিগাঁও জিলাৰ মেধাৱী ছাত্ৰী প্ৰাপ্তি কাকতিয়ে আমেৰিকাৰ জৰ্জিয়া ইউনিভাৰছিটিত গৱেষণাৰ বাবে জলপানিসহ নিৰ্বাচিত হৈছে ৷ সৰুৰে পৰাই মেধাৱী ছাত্ৰী প্ৰাপ্তি কাকতিয়ে ২০১৫চনত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰতে চতুৰ্থ স্থান দখল কৰিবলৈ সক্ষম হৈছিল। পিছত নগাঁও ৰামানুজন কণিষ্ঠ মহাবিদ্যালয়ত বিজ্ঞান শাখাত অধ্যয়ন কৰি দিল্লী বিশ্ববিদ্যালয়ৰ অধীনত মিৰাণ্ডা হাউচ কলেজৰ পৰা ইংৰাজী বিষয়ত সুখ্যাতিৰে স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ লগতে NET পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয়। ইয়াৰ পিছতেই হায়দৰাবাদৰ TFI (Teach For India) Fellowship Programeত কৰ্মৰত হৈ থকা প্ৰাপ্তি কাকতিয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত বাচনি পৰীক্ষাত উত্তীৰ্ণ হৈ জৰ্জিয়া ইউনিভাৰছিটিত জলপানিসহ গৱেষণাৰ বাবে নিৰ্বাচিত হয়। উক্ত পৰীক্ষাত ভাৰতৰ বহু সংখ্যক ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল যদিও তিনিগৰাকী শিক্ষাৰ্থীহে নিৰ্বাচিত হয়। ইয়াৰে ভিতৰত অসমৰ মৰিগাঁৱৰ প্ৰাপ্তি কাকতিৰ লগতে হায়দৰাবাদৰ আৰু লক্ষ্ণৌৰ একোগৰাকী । যোৱা ২৮ জুলাইত ভাৰতৰ পৰা ৰাওনা হোৱা প্ৰাপ্তি কাকতিয়ে ইংৰাজী সাহিত্যৰ “ক্ৰিটিচিজোম অব ইংলিচ লিটাৰেচাৰ” বিষয়ৰ গৱেষণাৰ কামত ইতিমধ্যে যোগদান কৰিছে ৷ উল্লেখ্য যে প্ৰাপ্তি কাকতি মৰিগাঁও জিলাৰ কোমোৰাগুৰি গাঁৱৰ তথা বৰ্তমান মৰিগাঁও নগৰৰ ৰজাগাঁৱৰ বাসিন্দা পটুৱাকটা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অচ্যুৎ কাকতি আৰু ভূৰবন্ধা খণ্ড প্ৰাথমিক স্বাস্থ্য আৰু চিকিৎসা বিষয়া ডাঃ মণিকা বৰাৰ জ্যেষ্ঠ কন্যা। মেধাৱী ছাত্ৰীগৰাকীৰ সফলতাই মৰিগাঁৱৰ বৌদ্ধিক মহলক আহ্লাদিত কৰাৰ লগতে ছাত্ৰীগৰাকীৰ সফলতাত জিলাখনৰ বিভিন্ন দল সংগঠন আৰু ব্যক্তিয়ে অভিনন্দন জনাইছে ৷ ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author