ধিং কাণ্ডৰ সন্দৰ্ভত বটদ্ৰৱা নাগৰিক মঞ্চৰ প্ৰতিবাদী সভা

1 min read

নিউজ ব্যুৰ’,নগাঁও,২৯ আগষ্ট :- ৰাজ্য কঁপোৱা নগাঁও জিলাৰ ধিঙৰ নাবালিকা ছাত্ৰীৰ দলবদ্ধ ধৰ্ষণকাণ্ডৰ প্ৰতিক্ৰিয়া আজিও অব্যাহত আছে ৷ সভ্য সমাজক লজ্জানত কৰা উক্ত বৰ্বৰোচিত ঘটনাক সকলো দল-সংগঠন তথা ব্যক্তি বিশেষে একেমুখে গৰিহণা দি দোষীক দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে ৷ ইয়াৰ মাজতে উক্ত ধৰ্ষণকাণ্ডৰ সন্দৰ্ভত বটদ্ৰৱা নাগৰিক মঞ্চৰ এখনি প্ৰতিবাদী সভা অনুষ্ঠিত কৰা হয় ৷ বটদ্ৰৱা শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানত অনুষ্ঠিত সভাখনিত বটদ্ৰৱা অঞ্চলৰ প্ৰায় সংখ্যক সমাজ সচেতন নাগৰিকে অংশগ্ৰহণ কৰে ৷ সভাত উপস্থিত সকলোয়েই একেমুখে উক্ত জঘন্য কাৰ্যৰ গৰিহণা দিয়াৰ লগতে দোষীক অনতিপলমে কৰায়ত্ত কৰি দ্ৰুত আদালত বঢ়োৱাই কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ ব্যৱস্থা কৰিবলৈ প্ৰশাসনৰ ওচৰত দাবী জনায় ৷ তদুপৰি সভাত উপস্থিত নাগৰিকসকলে বটদ্ৰৱা অঞ্চলৰ সতীৰাধিকা স্মৃতি ক্ষেত্ৰ, আকাশী গংগাৰ পাৰ,বটদ্ৰৱা থানৰ পৰা জামতল সংযোগী পথ আৰু বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প আদি বিশেষ কিছুমান ঠাইত এচাম উদণ্ড প্ৰকৃতিৰ যুৱকে কু-কৰ্ম সংঘটিত কৰি অহা বুলি উল্লেখ কৰি এই ঠাইসমূহত সতৰ্ক দৃষ্টি ৰাখিবৰ বাবে আৰক্ষী-প্ৰশাসনৰ প্ৰতি অনুৰোধ জনাইছে ৷ কিয়নো উক্ত ঠাইসমূহৰ লগত শ্ৰীশ্ৰী বটদ্ৰৱা থানৰ মান আৰু মৰ্যদা জড়িত হৈ আছে ৷ এই ঠাইবোৰত যদিহে অনাগত দিনত ধিং সদৃশ জঘন্য কাণ্ড ঘটে তেন্তে কি পৰিস্থিতিৰ সৃষ্টি হ’ব সেয়া কল্পনাতীত ৷ তদুপৰি সভাই বটদ্ৰৱাৰ বিভিন্ন স্থানত নিচাযুক্ত দ্ৰব্যৰ মুকলি বেহা চলি থকাৰ বিষয়টো উত্থাপন কৰি এই সন্দৰ্ভতো আইনগত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে জিলা আয়ুক্ত আৰু আৰক্ষীৰ প্ৰতি অনুৰোধ জনাইছে ৷ ইফালে,সভাৰ অন্তত এই সমগ্ৰ বিষয়ৰ সন্দৰ্ভত বটদ্ৰৱা নাগৰিক মঞ্চৰ ফালৰ পৰা এখনি পত্ৰ বটদ্ৰৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ জৰিয়তে জিলা আয়ুক্তলৈ প্ৰেৰণ কৰে বুলি বটদ্ৰৱা নাগৰিক মঞ্চৰ সভাপতি জয়ন্ত হাজৰিকা আৰু সম্পাদক তুৱাৰাম বৰুৱাই জানিবলৈ দিছে ৷ ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author