বিধায়ক জিতু গোস্বামীৰ বিৰুদ্ধে এজাহাৰ দাখিল সাংসদ ৰকিবুল হুছেইনৰ

0 min read

ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে নগাঁও সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছে। বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে সাংসদ ৰকিবুল হুছেইনে। মঙলবাৰে দুপৰীয়া সাংসদ হুছেইনে নগাঁও সদৰ থানাত বিধায়ক জিতু গোস্বামীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ পিছত আৰক্ষীয়ে সাংসদ হুছেইনৰ বিবৃতি গ্ৰহণ কৰে।

নগাঁৱৰ এখন অভিযাত হোটেলত আয়োজিত এক বিজেপিৰ সভাত বিধায়ক জিতু গোস্বামীয়ে ৰকিবুল হুছেইনৰ বিৰুদ্ধে মন্তব্য কৰিছিল। ৮ ছেপ্তেম্বৰৰ দলীয় সভাত চামগুৰি সমষ্টিৰ আৰক্ষী বিধায়কজনৰ কথাত পৰিচালিত হয় বুলি মন্তব্য কৰাৰ লগতে সভাখনত চামগুৰিত কৰ্তব্যৰত বিষয়াসকলেও বিধায়কজনৰ নিৰ্দেশত কাম কৰে বুলি উল্লেখ কৰিছিল। ভৱিষ্যতে ৰকিবুল হুছেইনক চামগুৰিত প্ৰৱেশ বন্ধ কৰি দিব বুলিও বিধায়ক জিতু গোস্বামীয়ে মন্তব্য কৰিছিল। এই ঘটনাৰ পিছতে সাংসদ হুছেইনে বিধায়ক জিতু গোস্বামীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ।

You May Also Like

More From Author