নিউজ ব্যুৰ’,নগাঁও,৮ছেপ্টেম্বৰ :-অসম
বুৰঞ্জীৰ এটি পৰিচিত নাম মণিৰাম দেৱান। ১৮৫৭চনৰ চিপাহী বিদ্ৰোহত অসমৰ প্ৰথম শ্বহীদ আছিল মণিৰাম দেৱান। চাহ খেতিয়ক তথা ঔদ্যোগিক মণিৰাম দেৱানৰ জীৱনৰ ওপৰত আলোকপাত কৰি ৰচনা কৰা হৈছে “মণিৰাম দেৱান” এখনি নাট। নগাঁৱৰ অন্যতম নাট্যগোষ্ঠী সুন্দৰম নাট্য গোষ্ঠীয়ে ঐতিহাসিক উৰিয়াগাঁৱৰ সুন্দৰম প্ৰেক্ষাগৃহত শনিবাৰে মঞ্চস্থ কৰে নাটখনি। সন্ধ্যা ৭বজাৰৰ পৰা মঞ্চস্থ হোৱা “মণিৰাম দেৱান” নাটখনিৰ মঞ্চ মুকলি কৰে নগাঁও-বটদ্ৰৱা বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। জ্যেষ্ঠ সাংবাদিক তথা সুন্দৰম প্ৰতিষ্ঠা কালৰে পৰা জড়িত প্ৰকাশ মহন্তই অনুষ্ঠানটি পৰিচালনা কৰি সুন্দৰমৰ প্ৰতিষ্ঠাৰ আঁৰৰ কথা ব্যক্ত কৰাৰ লগতে কাৰ্যক্ৰমণিকাৰ সন্দৰ্ভত বক্তব্য আগবঢ়ায়। বিধায়ক ৰূপক শৰ্মাই সুন্দৰমৰ কৰ্ম পৰিক্ৰমাৰ কথা উল্লেখ কৰাৰ লগতে শিল্পী গঢ়াত সুন্দৰমৰ অৱদানক শলাগ লয়। সুন্দৰমৰ দৰে অনুষ্ঠানৰ প্ৰাসঙ্গিকতা সমাজত বাৰুকৈয়ে থকাৰ কথা উল্লেখ কৰি সুন্দৰমৰ আন্ত:গাঠনিক নৰূপ দিবলৈ সকলো প্ৰচেষ্টা হাতত ল’ব বুলি ঘোষণা কৰে। উদ্বোধনী অনুষ্ঠানত পীতাম্বৰ শইকীয়া,জয়ন্ত গোস্বামী, দেৱানন্দ গোস্বামী,গোলাপ বৰা আদি উপস্থিত থাকে । উল্লেখ্য যে নাট্যকাৰ প্ৰবীণ ফুকনে ৰচনা কৰা “মণিৰাম দেৱান”খনি পৰিচালনা কৰিছে প্ৰাঞ্জল হাজৰিকাই। নাটখনিত অভিনয় কৰিছে যশোবন্ত শৰ্মা( কন্দৰ্পেশ্বৰ সিংহ),প্ৰাঞ্জল হাজৰিকা(মণিৰাম দেৱান),কমলেশ শইকীয়া (কমিচনাৰ মিল),দিলীপ কুমাৰ বৰা(কেপ্তইন হলৰইড),বাবুল ভাগৱতী (হৰনাথ পৰ্বতীয়া বৰুৱা),জিতুমনি বৰা (পিয়লী বৰুৱা)ৰ লগতে বীৰেন শইকীয়া,দিনেশ শইকীয়া,ৰূপৰাম হাজৰিকা,হিৰক জ্যোতি শইকীয়া, ঘনশ্যাম শইকীয়া,প্ৰবীণ হাজৰিকা, পলাশ গোস্বামী,মোহন হাজৰিকা,পদুম বৰুৱাই পুৰুষৰ চৰিত্ৰত তথা প্ৰহেলিকা কৌশিক গোস্বামী (ৰাজমাও),
সংগীতা বৰা(ললিতা),দৃষ্টি হাজৰিকা (ফুলকুমাৰী),পূজা বৰা(নুমলী)ই মহিলা চৰিত্ৰত অভিনয় কৰে। নাটকখনিৰ শব্দ-পোহৰ গৌতম শইকীয়াৰ,সংগীত সন্তোষ কলিতা,দেৱাশীষ বশিষ্ট আৰু নবজিৎ বিশ্বাসৰ। ৪২বছৰীয়া সুন্দৰমত ঐতিহাসিক বুৰঞ্জীমূলক নাটক “মণিৰাম দেৱান” উপভোগ কৰিবলৈ শিশুৰ পৰা বৃদ্ধ বণিতালৈকে হিলদল ভাঙি অহা পৰিলক্ষিত হয় । ঋতু পৰ্ণ শৰ্মা,নগাঁও