নগাঁৱৰ বৃহৎ শামুকভঙা ক’লনিটো সংৰক্ষণ কৰাৰ বাবে বিৰহ বেবেজীয়া পক্ষী অঞ্চল সংৰক্ষণ সমিতি গঠন

1 min read

নিউজ ব্যুৰ’,নগাঁও,৯অক্টোবৰ :- নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ বিৰহ বেবেজীয়াৰ সচেতন ৰাইজৰ সৈতে নগাঁৱৰ পৰিৱেশ সংগঠন “পান্থতৰু সংৰক্ষণী অসম”ৰ উদ্যোগত অনুষ্ঠিত এক সজাগতামূলক সভাত গঠন হয় “বিৰহ বেবেজীয়া পক্ষী অঞ্চল সংৰক্ষণ সমিতি”৷ উল্লেখযোগ্য ২০১৬ চনত বাসস্থান হেৰুৱা ২০যোৰা শামুকভঙা চৰাই বিৰহ বেবেজীয়াৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰ(CHC)ৰ চৌহদৰ ওখ গছবোৰত আহি আশ্ৰয় লৈছিল৷ এইদৰে ২০১৬ চনৰ পৰা নীড়হাৰা অনেক চৰাইয়ে নিতৌ আহিবলৈ ধৰিছিল৷ শামুকভঙাৰ লগতে বগলী,সাৰেং,পানীকাউৰী আদি চৰাইয়ে ভয় ভয়কৈ চৌহদৰ গছবোৰত আশ্ৰয় বিচাৰি আহিছিল৷ স্বাস্থ্যকেন্দ্ৰত কৰ্মচাৰী-চিকিৎসকৰ লগতে বিৰহ বেবেজীয়াৰ সচেতন দায়িত্বশীল নাগৰিকে নীড়হাৰা চৰাইজাকক আঁকোৱালি লোৱাৰ ফলত কেন্দ্ৰ চৌহদটোৰ আশে পাশে সৃষ্টি হ’ল শামুকভঙাৰ এক বিৰাট ক’লনি। প্ৰায় ছয় হেজাৰতকৈ বেছি কিন্তু প্ৰাকৃতিকভাৱে সৃষ্টি হোৱা এই দৃষ্টি নন্দন পক্ষীৰ আলয় ধ্বংস কৰিবলৈ শেহতীয়াভাৱে নগাঁও লোক নিৰ্মাণ বিভাগে পথ বহলোৱাৰ নামত প্ৰাকঃকলন প্ৰস্তুত কৰি সেই ঠাইৰ দুই কিল’মিটাৰ পথৰ কাষৰ গছবোৰ কাটিবলৈ বিচৰাত প্ৰকৃতিপ্ৰেমীসকল তাৰ বিৰূদ্ধে সৰৱ হৈ পৰে। লোক নিৰ্মাণ বিভাগৰ এই প্ৰকৃতি ধ্বংস অভিযান বন্ধ কৰিবলৈ কালি “পান্থতৰু”ৰ সহযোগ আৰু পৰামৰ্শত বিৰহ বেবেজীয়া জ্ঞানদ্বীপ পুথিভঁৰালত অনুষ্ঠিত ৰাজহুৱা সভাত গঠন কৰা হয় “বিৰহ বেবেজীয়া পৰিৱেশ সংৰক্ষণ সমিতি” ৷ উপস্থিত ৰাইজে সমিতিৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰে অঞ্চলটোৰ সচেতন সমাজকৰ্মী বলীন্দ্ৰ বৰকাকতি আৰু সম্পাদকৰ দায়িত্ব অৰ্পণ কৰে অঞ্চলটোৰ সৰবৰহী যুৱক নয়নজ্যোতি শইকীয়াক। সভাত বিৰহ বেবেজীয়াৰ পক্ষীপ্ৰেমী নিত্যানন্দ নাথ, খগেন কলিতা,প্ৰদীপ বৰা আদিৰ লগতে অঞ্চলটোৰ সচেতন যুৱকসকল উপস্থিত থাকে। “পান্থতৰু”ৰ সম্পাদক বুবুল শৰ্মাই আঁত ধৰা সভাত “পান্থতৰু”ৰ বিষয়ববীয়া তথা পৰিৱেশকৰ্মী ববিতা শইকীয়া,গনেশ বৰা,ধন শৰ্মা,নৃপেন শইকীয়া,নয়ন কমল শইকীয়া,পংখী বৰা,লক্ষ্যজ্যোতি বৰা,দীপজ্যোতি বৰা আদি উপস্থিত থাকে। সভাত সিদ্ধান্ত অনুসৰি—১/ যি কোনো চৰ্তত বৃহৎ চৰাই ক’লনিটোৰ ৰক্ষণাবেক্ষণ দিয়া হ’ব,২/ক’লনিটোৰ স্বাৰ্থত এই পক্ষী অঞ্চলটোৰ দুই কিল’মিটাৰ পথৰ সকলো গছক সুৰক্ষা প্ৰদান আৰু পথটোৰ দুয়োকাষে ৰাইজক সজাগ কৰিবৰ বাবে বেনাৰ আদি লগোৱা হ’ব,৩/ বিশেষ সংৰক্ষণৰ দাবীলৈ বনবিভাগ,বিধায়ক,জিলা আয়ুক্ত আৰু গড়কাপ্তানি বিভাগক আবেদন পত্ৰ প্ৰদান৷ আশা কৰা হৈছে জলবায়ু পৰিৱৰ্তন তথা তীব্ৰ উষ্ণতাৰ প্ৰতি লক্ষ্য ৰাখি অঞ্চলটোত গছ-গছনি সুৰক্ষাৰ বাবে ব্যাপক জাগৰণৰ সৃষ্টি হ’ব আৰু বিৰহ বেবেজীয়াৰ এই বৃহৎ চৰাই ক’লনিটো এক আদৰ্শ পক্ষী ক’লনি হিচাপে অসমৰ ৰাইজ,বন বিভাগ,স্থানীয় বিধায়ক তথা চৰকাৰে দায়িত্ব ল’বলৈ আগবাঢ়ি আহিব।
“পান্থতৰু সংৰক্ষণী অসম”য়ে বিশ্বাস কৰে যে বিৰহ বেবেজীয়াৰ ৰাইজৰ এই মহান চিন্তা আৰু পদক্ষেপৰ সফল সংৰক্ষণৰ কাহিনী ইতিহাসৰ পৃষ্ঠাত এদিন লিপিবদ্ধ হ’ব । এই সভাতে এখন ৩১জনীয়া সমিতি গঠন কৰা হয় ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author