আজি ষষ্ঠীৰ বেদীত প্রাণ পাব দুর্গতিনাশিনীয়ে

0 min read

 চৌদিশে শৰতৰ মধু আলোড়ন৷ মলয়া বতাহত হালি–জালি নচা কঁহুৱাৰ আঁচলত ধৰি ধৰালৈ আগমন ঘটিছে শাৰদী ৰাণীৰ৷ শৰৎ মানেই উৎসৱৰ বতৰ৷ মধুময় পৰিৱেশৰ মাজেৰে ৰাজ্যত আৰম্ভ হৈছে দুর্গোৎসৱৰ ক্ষণ গণনা৷ বছৰজোৰা ভক্তৰ প্রতীক্ষাৰ অন্ত পেলাই মহালয়াত ধৰাৰ বুকুলৈ আগমন ঘটা দশভুজাক আজি ষষ্ঠীৰ বেদীত প্রাণ প্রতিষ্ঠা কৰা হ’ব৷ ইয়াৰ লগে লগে আৰম্ভ হ’ব শাৰদীয় দুর্গোৎসৱৰ উছাহ–উদ্দীপনা৷ আজি মহাষষ্ঠী৷ ২ অক্টোবৰত দুর্গতিনাশিনীৰ আগমনৰ পাছত ৩ অক্টোবৰৰ পৰা নৱৰাত্রিত দেৱী দুর্গাক ৯টা ৰূপত পূজা–অর্চনা আগবঢ়োৱা হয়৷ শৈলপুত্রী, ব্রহ্মচাৰিণী, চন্দ্রঘণ্টা, কুষ্মাণ্ড, স্কন্দমাতাকে ধৰি ৯টা ৰূপত মহিষমর্দিনীক পৰম্পৰাগত ৰীতি–নীতিৰে দেৱীপীঠ, শক্তিপীঠ আৰু দেৱালয়সমূহত পূজা–অর্চনা আগবঢ়োৱা হ’ব৷ আজি ষষ্ঠীৰ বেদীত গণেশ, কার্তিক, লক্ষ্মী, সৰস্বতী আৰু মহিষাসুৰৰ প্রতিমাসহ বেদীত দেৱী দুর্গাৰ প্রতিমা স্থাপন কৰা হ’ব৷ ইয়াৰ লগে লগে মা দুর্গাৰ যথাবিহিত পূজা শক্তিপীঠ তথা পূজাস্থলীসমূহত আৰম্ভ হ’ব৷ কালপুৰুষ পূর্ণাংগ পঞ্জিকা অনুসৰি দং ৫৷ ১৬৷ ৪০ ঘঃ ৭৷২৯৷৩০ সময়ৰ ভিতৰত শ্রীশ্রীশাৰদীয় দুর্গাদেৱীৰ ষষ্ঠাদি কল্পাৰম্ভ ঘটিব৷ বোধন, আমন্ত্রণ আৰু অধিবাসেৰে মন্ত্রোচাৰণ, শংখ, ঘণ্টা, উৰুলি দি দুর্গাদেৱীক ষষ্ঠীৰ বেদীত প্রতিষ্ঠা কৰা হ’ব৷ উল্লেখ্য যে ৰাজ্যজুৰি ইতিমধ্যে দুর্গাপূজাৰ প্রস্তুতি প্রায় সম্পূর্ণ হৈছে৷ বিভিন্ন স্থানত আড়ম্বৰপূর্ণ দুর্গোৎসৱৰ আয়োজন কৰা হৈছে৷ ঠায়ে ঠায়ে দুর্গাপূজাৰ বিশাল মণ্ডপ নির্মাণ কৰি চমক সৃষ্টিৰো অঘোষিত প্রতিযোগিতা আৰম্ভ হৈছে৷ ক’ৰবাত যদি টি–২০ বিশ্বকাপৰ ট্রফীৰ আর্হিত মণ্ডপ নির্মাণ কৰা হৈছে, আন ক’ৰবাত আকৌ হেৰীপ’টাৰ ছবিৰ আর্হিত মণ্ডপ নির্মাণ কৰা হৈছে৷ ২৫–৩০ লাখ টকা বাজেটেৰে বিভিন্ন স্থানত দুর্গোৎসৱৰ আয়োজন কৰা হৈছে৷ এক কথাত ক’বলৈ হ’লে, বৈদিক ৰীতি–নীতিৰে দেৱী দুর্গাক পূজা–অর্চনা কৰাৰ লগতে প্রতিবছৰৰ দৰে এইবাৰো পূজাত আড়ম্বৰতাৰ পয়োভৰ ঘটিব৷ ইতিমধ্যে ৰাজ্যজুৰি ঢাক–ঢোলৰ শব্দই মুখৰিত কৰি তুলিছে৷ ষষ্ঠীৰ বেদীত প্রতিষ্ঠা কৰিবলৈ ঢাক–ঢোল বজাই শোভাযাত্রাৰে লৈ যোৱা হৈছে দেৱীৰ প্রতিমা৷ সমান্তৰালভাৱে বজাৰত দুর্গোৎসৱ উপলক্ষে ব্যাপক ভিৰ পৰিলক্ষিত হৈছে৷ ন–সাজ পিন্ধি পূজা চোৱাৰ আনন্দই যেন সুকীয়া৷ সেয়েহে পছন্দৰ এসাজ কাপোৰ–অলংকাৰ আদি বিচাৰি বিভিন্নজনে বজাৰত ভিৰ কৰা দেখিবলৈ পোৱা গৈছে৷ গুৱাহাটীকে ধৰি চহৰ–নগৰসমূহৰ মুখ্য বজাৰসমূহৰ লগতে শ্বপিং মল আদিত গ্রাহকৰ যথেষ্ট ভিৰ হৈছে৷ উল্লেখ্য যে বৃহস্পতিবাৰে সপ্তমীৰ যথাবিহিত পূজা দেৱীলৈ আগবঢ়োৱা হ’ব৷ সেইদৰে ১১ অক্টোবৰত দুর্গাদেৱীক মহাষ্টমী আৰু মহানৱমীৰ পূজা আগবঢ়োৱা হ’ব৷ শনিবাৰে দশমীৰ বিহিত পূজা সমাপন কৰা হ’ব যদিও বহু স্থানত দেওবাৰেহে দেৱীক বিসর্জন দিবলৈ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ কিয়নো তিথি অনুসৰি এইবাৰ একেটা দিনতে মহিষমর্দিনীৰ মহাষ্টমী আৰু মহানৱমী পূজা অনুষ্ঠিত হ’ব৷ ষষ্ঠীৰ দিনা দেৱীক কাত্যায়নী ৰূপত পূজা–অর্চনা আগবঢ়োৱা হয়৷

You May Also Like

More From Author