পুনেৰ গান্ধী জয়ন্তী সমাৰোহলৈ আমন্ত্ৰিত নগাঁৱৰ নৃত্যশিল্পী ইলোৰা বৰা আৰু ময়ূখী বেজবৰুৱা

1 min read

নিউজ ব্যুৰ’,নগাঁও,৩অক্টোবৰ :-জাতিৰ
পিতা মহাত্মা গান্ধীৰ ১৫৫ সংখ্যক জয়ন্তী উপলক্ষে “মহাৰাষ্ট্ৰ গান্ধী স্মাৰক নিধি”য়ে ২অক্টোবৰৰ পৰা সপ্তাহজোৰা কাৰ্যসূচীৰে মহাৰাষ্ট্ৰৰ পুনেৰ গান্ধী ভৱনত আয়োজন কৰা বিশাল গান্ধী সমাৰোহত নৃত্য পৰিৱেশনৰ বাবে আমন্ত্ৰিত হৈছে দেশে-বিদেশে সুনাম অৰ্জন কৰা অসমৰ আগশাৰীৰ ভাৰতনাট্যম্ শিল্পী,গুৰু ইলোৰা বৰা আৰু তেওঁৰে শিষ্যা নগাঁৱৰ ময়ূখী বেজবৰুৱা। বৰ্ণাঢ্য অনুষ্ঠানটিত ৪ অক্টোবৰ,শুক্ৰবাৰে সাংস্কৃতিক সন্ধিয়া শিল্পী দুগৰাকীয়ে পুষ্পাঞ্জলি, জ্যোতিস্বৰম্,অষ্টপদী,শ্ৰীমন্নাৰায়ণ, শব্দমৰ দৰে শাস্ত্ৰীয় নৃত্য-উপকৰণৰ উপৰি শিল্পী ৰঞ্জন বেজবৰুৱাই প্ৰস্তুত কৰা সংস্কৃত ৰূপান্তৰৰ আধাৰত সুধাকণ্ঠ-ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকাৰ মানৱতাবাদী গীত ”মানুহে মানুহৰ বাবে”,”বিস্তীৰ্ণ পাৰৰে” আৰু গান্ধীজীৰ প্ৰিয়ভজন ”বৈষ্ণৱ জন তো” নৃত্যৰূপত পৰিৱেশন কৰিব। উল্লেখ যোগ্য যে ”বিশ্ব অহিংসা দিৱস” শীৰ্ষক এই গান্ধী জয়ন্তীত মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী, জনহিতৈষী পুৰুষ শাৰদ পাৱাৰ,প্ৰসিদ্ধ কবি ডঃ অশোক বাজপেয়ী,প্ৰসিদ্ধ সমাজকৰ্মী, অনুষ্ঠানটিৰ অধ্যক্ষ ডঃ কুমাৰ সপ্তৰ্ষিকে ধৰি দেশৰ ভালে সংখ্যক গান্ধীৰ আদৰ্শত বিশ্বাসী নেতা, শিক্ষাবিদ-শিল্পী-সুধীজন সমৱেত হ’ব। উল্লেখযোগ্য যে নৃত্যশিল্পী ইলোৰা বৰা প্ৰয়াত বীৰেণ বৰা আৰু প্ৰয়াত লীলা বৰবৰা তথা ময়ূখী বেজবৰুৱা ৰঞ্জন বেজবৰুৱা আৰু বৰ্ণালী বেজবৰুৱাৰ কন্যা । ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author