নগাঁৱতো শাৰদীয় দুৰ্গা পূজা উপলক্ষে এক উৎসৱমুখৰ পৰিবেশ

1 min read

পূজা সমিতিৰ বাজেট ৮০ হাজাৰৰ পৰা ১০লাখ

নিউজ ব্যুৰ’,নগাঁও,৯অক্টোবৰ:–সমগ্র ৰাজ্যখনৰ লগতে নগাঁও জিলাতো শাৰদীয় দুৰ্গা পূজা উপলক্ষে এক উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হৈছে। প্ৰতিকূল বতৰকো নেওচি নগাঁওবাসী এতিয়া পূজাক লৈ ব্যস্ত। ব্যৱসায় প্ৰতিষ্ঠানত বিশেষকৈ কাপোৰৰ বিপণীত গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হৈছে।অনলাইন ব্যৱসায়ৰ বাবে একাংশ ব্যৱসায়ী এতিয়া কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লগা হৈছে। এনে পৰিস্থিতিৰ মাজতে এইবাৰ নগাঁও জিলাত প্ৰায় তিনিশৰো অধিক পূজা মণ্ডপত পূজা উদযাপিত হ’ব। তদুপৰি জিলাখনৰ ২৫খনৰো অধিক চাহ বাগিচাত উদযাপিত হ’ব দুৰ্গা পূজা। অকল নগাঁও চহৰত এশৰো অধিক মণ্ডপত দুৰ্গা পূজা অনুষ্ঠিত হ’ব। দুৰ্গা পূজাৰ বাবে ইতিমধ্যে চহৰখনৰ লগতে গ্ৰামাঞ্চলৰ সকলোবোৰ পূজা মণ্ডপ আটকধুনীয়াকৈ সজাই পৰাই তুলিছে।
নগাঁও চহৰৰ দুখন পূজা সমিতিয়ে ইতিমধ্যে ১৫০বছৰৰ অধিক কাল অতিক্ৰম কৰিছে। এই দুই পূজা হ’ল চহৰখনৰ খ্ৰীষ্টানপট্টীৰ বেলতলাৰ জানকী নাথ সেন পৰিয়ালৰ ১৭৫ সংখ্যক দুৰ্গা পূজা আৰু উত্তৰ হয়বৰগাৱৰ বীণাপানি পূজা সমিতিৰ ১৫৫ সংখ্যক দুৰ্গা পূজা। তদুপৰি চহৰখনৰ বাঙ্গালী সন্মিলনীৰ উদ্যোগত ১৩১সংখ্যক দুৰ্গা পূজা,আমোলাপট্টি পূজা উৎসৱ সমিতিৰ উদ্যোগত ১২৯ সংখ্যক দুৰ্গা পূজা,ফৌজদাৰীপট্টি সাৰ্বজনীন দুৰ্গাপূজা উৎসৱ সমিতিৰ উদ্যোগত ১২৭সংখ্যক দুৰ্গা পূজা, পানীগাঁও কালীবাৰী দুৰ্গা পূজা সমিতিৰ ১০৩সংখ্যক দুৰ্গা পূজা অনুষ্ঠিত হ’ব।
আনহাতে হিন্দুস্হানপট্টি সাৰ্বজনীন ঠাকুৰবাৰী দুৰ্গা পূজা সমিতিৰ ৯৫ সংখ্যক,হয়বৰগাঁও বাংগালী পূজাবাৰী সমিতিৰ ৯২সংখ্যক,নগাঁও পুলিচ ৰিজাৰ্ভ দুৰ্গা পূজা সমিতিৰ ৯২সংখ্যক, এন এফ ৰে’লৱে পূজা সমিতিৰ ৮৪ সংখ্যক,ছামাদ্দাৰপট্টি সাৰ্বজনীন পূজা সমিতিৰ ৭৭সংখ্যক,হয়বৰগাঁও ৰে’লৱে সাৰ্বজনীন কালী মন্দিৰত ৭৬সংখ্যক, কলংপাৰৰ নেপালী মন্দিৰ সাৰ্বজনীন পূজা সমিতিৰ ৭২সংখ্যক,বিবেকানন্দ পল্লী শাৰদোৎসৱ সমিতিৰ ৭০সংখ্যক দুৰ্গাপূজা অনুষ্ঠিত হ’ব। ঠিক একেদৰে চহৰখনৰ শান্তিপুৰ যুৱক সমিতিৰ ৬৫ সংখ্যক,দক্ষিণ হয়বৰগাঁও নাট্য সমিতি ৬৫ সংখ্যক,লক্ষ্মীনগৰ পূজা সমিতিৰ ৬৩ সংখ্যক,চকীটুপ সাৰ্বজনীন দুৰ্গা পূজা সমিতিৰ ৬৩ সংখ্যক,চীনা পট্টি ছোটহয়বৰ সাৰ্বজনীন দুৰ্গা পূজা সমিতিৰ ৬২সংখ্যক,শ্ৰীকৃষ্ণাশ্ৰম দুৰ্গা পূজা সমিতিৰ ৫৯ সংখ্যক,পানীগাঁও দুৰ্গা মন্দিৰ পূজা সমিতিৰ ৫৯সংখ্যক, শাস্ত্ৰী নগৰ পূজা সমিতিৰ ৫৮সংখ্যক, ডিমৰুগুৰি সাৰ্বজনীন দুৰ্গা পূজাৰ ৫৮ সংখ্যক,জ্যোতি ফ্লাৱাৰ মিলৰ ৫৭ সংখ্যক আৰু হয়বৰগাঁও বিজয়ী সংঘৰ ৫৭সংখ্যক দুৰ্গা পূজাৰো ব্যাপক প্ৰস্তুতি চলিছে। চহৰখনৰ শ্ৰীমন্ত শংকৰ মিশ্যন পথ আই টি আই দুৰ্গা পূজা নতুন বজাৰ দুৰ্গা পূজা সমিতি,নাজিৰাজান শনি মন্দিৰপথ,খ্ৰীষ্টানপট্টী,লক্ষীনগৰ, মৰিকলং,পানীগাঁও ছয়আলি, লাওখোৱা ৰোড, তেলীয়াগাঁও আদিতো দুৰ্গা পূজা অনুষ্ঠিত হ’ব। পূজা সমিতিৰ বাজেট ৮০হাজাৰৰ পৰা ১০লাখ টকা পৰ্যন্ত। কেইবাখনো দুৰ্গা পূজা সমিতিয়ে ৰাইজক আকৰ্ষণ কৰিবৰ বাবে অত্যাধুনিক কাৰুকাৰ্য,চমৎকাৰীতা, আলোকসজ্জা আদিৰ ব্যৱস্থা গ্ৰহণ কৰিছে। চহৰখনৰ অন্যতম পুৰণি দুৰ্গা পূজা শ্ৰীমন্ত শংকৰ মিশ্যন পথ আই টি আই পূজা সমিতিয়ে টাইটানিকৰ আৰ্হিত পূজা মণ্ডপ নিৰ্মাণ কৰিছে। নগাঁও বাঙ্গালী পূজা সমিতিয়ে নীল সাগৰৰ সেউজীয়া দৃশ্যৰ লগতে বিভিন্ন দৃশ্যমান বিষয়ৰে পূজা মণ্ডপ নিৰ্মাণ কৰাৰ বিপৰীতে ছামাদ্দাৰপট্টী পূজা সমিতিয়ে প্ৰকৃতি বিষয়ক,ৰাজস্থানী পূজা সমিতিয়ে অসমীয়া সাজসজ্জাৰ আৰ্হিত পূজা মণ্ডপ নিৰ্মাণ কৰিছে। শনি মন্দিৰ পথ দুৰ্গা পূজা সমিতিয়ে ৫৩ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছে। ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author