প্ৰতি বছৰে কাতি মাহৰ কৃষ্ণপক্ষ ত্ৰয়োদশী তিথিত ধনতেৰচৰ উৎসৱ উদযাপন কৰা হয়। এই উৎসৱত দীপান্বিতাৰ প্ৰাক্ মুহূৰ্তত গণেশ আৰু লক্ষ্মী দেৱীক একেলগে পূজা অৰ্চনা কৰা হয়, আৰু ধন-সোণ আনি ঘৰত স্থাপন কৰা হয়।
ধৰ্মীয় বিশ্বাস অনুসৰি, কাতি মাহৰ কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথিৰ দিনা ভগৱান ধনৱন্তৰীৰ অৱতাৰ গ্ৰহণ কৰিছিল৷ ধনৱন্তৰীক ভগৱান বিষ্ণুৰ এক ৰূপ বুলি গণ্য কৰা হয়। যাৰ বাবে এই বিশেষ দিনটোক ধনতেৰচ বুলি জনা যায়।
এই উৎসৱ মূলত উত্তৰ ভাৰতীয় আৰু হিন্দু সকলৰ উৎসৱ। এই উৎসৱত সোণ- ৰুপ বা তেনে কোনো মূল্যবান ধাতু ক্ৰয় কৰা হয়। যাতে গোটেই বছৰজুৰি ঘৰত বা ব্যৱসায়ত লক্ষ্মী থাকে। ধনতেৰচৰ দিনা পৰিয়ালৰ সৈতে মানুহে অলংকাৰ, বাচন-বৰ্তন, বাহন, কাপোৰ আদি ক্ৰয় কৰে।
ইয়াৰোপৰি ধনতেৰাচৰ দিনা ঝাৰু কিনাও শুভ লক্ষণ বুলি জনা যায়। ধনতেৰাচৰ দিনা সন্ধিয়া চাকি জ্বলোৱা হয়, ইয়াক যম দীপক বুলিও কোৱা হয়। এই চাকি যমৰাজৰ বাবে জ্বলোৱা হৈছে। লোকবিশ্বাস অনুসৰি, এনে কৰিলে পৰিয়ালত অকাল মৃত্যু হাৰ কম হয়৷