জুৰীয়াত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা আন এক নিকৃষ্ট কাণ্ড। জুৰীয়াৰ সংবাদদাতা তামিজুদ্দিনে প্ৰেৰণ কৰা খবৰ অনুসৰি, ভিনিয়েকৰ ঘৰলৈ ফুৰিবলৈ অহা এগৰাকী মহিলাক বলপূৰ্বকভাৱে সম্ভোগ কৰে মহম্মদ আলী নামৰ পাষণ্ড এটাই। ঘৰত কোনো নথকাৰ সুযোগ লৈ লম্পট মহম্মদ আলীয়ে সংঘটিত কৰিছিল এই জঘন্য কাণ্ড। প্ৰাপ্ত খবৰ অনুসৰি, মহম্মদ আলীয়ে এই ঘটনা সংঘটিত কৰা সময়ত মহিলাগৰাকী অচেতন অৱস্থাত আছিল। মহম্মদ আলীৰ মানসিকতা ইমানেই নিকৃষ্ট আছিল যে, কেৱল বলপূৰ্বক সম্ভোগেই নহয়, মহিলাগৰাকীৰ গোপন অংগৰ বহু ভিতৰলৈ হাত সোমোৱাই দিছিল পাষণ্ড মহম্মদে। জুৰীয়াৰ সংবাদদাতা তামিজুদ্দিনে প্ৰেৰণ কৰা এই চাঞ্চল্যকৰ খবৰটোত এয়াও উল্লেখ আছিল যে, ঘটনা সংঘটিত হোৱাৰ পিছতেই পীড়িতাগৰাকীৰ শাৰিৰীক অৱস্থা অতি সংকটজনক হৈ পৰিছিল। নগাঁও চিকিৎসালয়ত ভুক্তভোগী মহিলাগৰাকীক ভৰ্তি কৰোৱাৰ সময়ত ভুক্তভোগীৰ সমস্ত দেহ ৰক্তাক্ত হৈ পৰিছিল, গোপন অংগত বান্ধ খাইছিল তেজৰ ডোঙা৷ এই বৰ্বৰ ঘটনাই সমগ্ৰ জুৰীয়াৰ লগতে পাৰ্শ্বৱৰ্তী অঞ্চলসমূহতো তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ মাহেৰীপাৰৰ মহম্মদ আলীয়ে সংঘটিত কৰা এই জঘন্য ঘটনাক একমুখে তীব্ৰ গৰিহণা দিছে বিভিন্ন দল সংগঠনে৷ অতি শীঘ্ৰেই পাষণ্ড মহম্মদ আলীক গ্ৰেপ্তাৰ কৰাৰ বাবে জুৰীয়া আৰক্ষীক দাবী কৰে আমছুই৷
বায়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই ভিনিয়েকে কৰিলে এই কাম…
Posted on by GTM Desk
0 min read