বেদখলকাৰীসকল হুচিয়াৰ! চৰকাৰী মাটি দখল কৰা মানেই বিপদ অনিবাৰ্য। কিয়নো, চৰকাৰী ভূমি দখল কৰিলেই বেদখলকাৰীৰ বাসগৃহত যিকোনো মুহূৰ্তত চলিব পাৰে উচ্ছেদ অভিযান। ঠিক তেনে এক অভিযান বুধবাৰে পৰিলক্ষিত হ’ল গুৱাহাটীৰ মাজমজিয়াত। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰেই গুৱাহাটী মহানগৰীতো বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে প্ৰশাসন।
বুধবাৰে এফালে ৰাজ্যৰ ৫সমষ্টিত অনুষ্ঠিত হ’ল ভোটগ্ৰহণ। ৰাজ্যবাসীৰ দৃষ্টি ৫ সমষ্টিৰ ভোটগ্ৰহণ প্ৰক্ৰিয়াত নিবদ্ধ হৈ থকাৰ মাজতে মহানগৰীত উচ্ছেদ অভিযানত ব্যস্ত হৈ থাকিল মহানগৰ প্ৰশাসন। গুৱাহাটী মহানগৰীৰ শ্ৰীমন্তপুৰত বুধবাৰে প্ৰশাসনে অতৰ্কিতে চলালে উচ্ছেদ অভিযান। গুৱাহাটী চক্ৰ বিষয়া ৰাজা বৈশ্যৰ নেতৃত্বত মহানগৰীৰ ভঙাগড়ৰ নেমকেয়াৰ হাস্পতালৰ নিচেই সমীপৰ শ্ৰীমন্তপুৰত JCBৰ সৈতে মহানগৰীৰ বিশাল আৰক্ষী বাহিনী উপস্থিত হৈ আৰম্ভ কৰে উচ্ছেদ অভিযান। প্ৰথমে জোখ-মাপ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি গুৱাহাটী চক্ৰ বিষয়াৰ উপস্থিতিত একাংশৰ বাসগৃহত চলিল প্ৰশাসনৰ উচ্ছেদ।
এফালৰ পৰা মহানগৰ প্ৰশাসনে ভাঙি দিলে শ্ৰীমন্তপুৰৰ একাংশ লোকৰ বাসগৃহ, ঘৰৰ চৌহদৰ পকী দেৱাল। প্ৰশাসনৰ অভিযোগ অনুসৰি, এই ব্যস্ত এলেকাটোৰ চৰকাৰী ভূমি অৰ্থাৎ পথৰ ভূমি বেদখল কৰি বহু পৰিয়ালে নিৰ্মাণ কৰিছিল ঘৰ। সকলো জানি-বুজিও দখল কৰিছিল চৰকাৰী ভূমি। ফলত, প্ৰথমাৱস্থাত ৭টা পৰিয়াললৈ প্ৰেৰণ কৰা হৈছিল জাননী। চৰকাৰী ভূমি খালী কৰিবলৈ জাননী দিয়াৰ পাছতো কোনো এটা পৰিয়ালে প্ৰশাসনৰ নিৰ্দেশক মানি নোলোৱাত প্ৰশাসনে অৱশেষত গ্ৰহণ কৰে উচ্ছেদ কৰাৰ কঠোৰ সিদ্ধান্ত। অৱশ্যে, NEWS18 অসম NORTH EASTৰ কেমেৰাৰ সন্মুখত নিজৰ ভুল স্বীকাৰ কৰে একাংশ পৰিয়ালে। আনহাতে, উচ্ছেদ অভিযানৰ পাছতেই ৭টা পৰিয়ালৰ বাহিৰে বাকী পৰিয়ালসমূহে গুৱাহাটী ৰাজহ চক্ৰৰ চক্ৰ বিষয়াগৰাকীক সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়া পৰিলক্ষিত হয়।