২৪ ঘণ্টা নহওঁতেই চাপৰ আৰক্ষীয়ে উদ্ধাৰ কৰে বাইকখন
আৰক্ষী অহাৰ উমান পাই চাপৰৰ ধীৰঘাটত বাইক থৈ পলায়ন কৰে চোৰে
উল্লেখ্য যে চাপৰ বজাৰৰ মাজমজিয়াৰ পৰা চাপৰৰ বাসিন্দা মতিয়ৰ ৰহমানৰ AS-19-F-4791 নম্বৰৰ গ্লেমাৰ বাইকখন চুৰি হয়
তাৰ পিছতে ঘটনা সন্দৰ্ভত ব্যক্তি গৰাকীয়ে চাপৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে
এজাহাৰৰ ভিত্তিত চাপৰ আৰক্ষীয়ে অভিযান চলাই চাপৰৰ ধীৰঘাটৰ পৰা বাইকখন উদ্ধাৰ কৰি বাইকৰ গৰাকীক চমজাই দিয়ে
বাইকখন পাই বাইকৰ গৰাকীয়ে আৰক্ষীক ধন্যবাদ দিয়াৰ লগতে বাইক চুৰিৰ লগত জড়িত সকলক গ্ৰেপ্তাৰ কৰিবলৈ অনুৰোধ জনায়