বুলড’জাৰ চলোৱা প্ৰতিটো পৰিয়ালক দিব লাগিব ২৫ লাখকৈ টকা! উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

1 min read

বুলড’জাৰৰ বিৰুদ্ধে পুনৰ এবাৰ কঠোৰ হৈছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়। চৰকাৰৰ বুলড’জাৰ এক্সনক লৈ ক্ষুব্ধ হৈ উচ্চতম ন্যায়ালয়ে ক্ষতিগ্ৰস্ত লোকসকলক ২৫ লাখকৈ ক্ষতিপূৰণ প্ৰদান কৰাৰ নিৰ্দেশ জাৰি কৰে। এই ঘটনা উত্তৰ প্ৰদেশৰ মহাৰাজগঞ্জ জিলাৰ, য’ত পথ বহল কৰা প্ৰকল্পৰ বাবে বুলডজাৰ ব্যৱহাৰ কৰি ঘৰ ভাঙি পেলোৱা হৈছিল। এই গোচৰত স্বতঃস্ফূৰ্তভাৱে উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰি আছিল। এই শুনানিৰ সময়তে উচ্চতম ন্যায়ালয়ে যোগী আদিত্যনাথ চৰকাৰত সমালোচনা কৰি কয় যে, যিসকল ব্যক্তিৰ ঘৰ ভাঙি পেলোৱা হৈছে তেওঁক ২৫ লাখ টকাৰ ক্ষতিপূৰণ দিব লাগে।

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে কয় যে,আপোনালোকে কৈছে ৩.৭ বৰ্গমিটাৰ বেদখল হৈ আছিল। আমি এই কথা শুনিছো। কিন্তু কোনো জাননী নোহোৱাকৈ কেনেকৈ মানুহৰ ঘৰ ভাঙিব পাৰ? কাৰোবাৰ ঘৰত এনেকৈ প্ৰৱেশ কৰাতো অৰাজকতা। তেওঁ কয়, এয়া এক আঁকোৰগোজা স্থিতি। ইয়াত সঠিক পদ্ধতি পালন কৰা হৈছে নেকি? আমাৰ হাতত এক শপতনামা আছে য’ত কোৱা হৈছে যে বুলড’জাৰ চলোৱাৰ আগত কোনো জাননী দিয়া হোৱা নাছিল। ইয়াৰ সলনি ঘটনাস্থলীলৈ যায় সকলোকে অৱগত কৰি বুলড’জাৰ চলাইছিল। গতিকে এই ক্ষেত্ৰত চৰকাৰে শাস্তিমূলক ক্ষতিপূৰণ দিব লাগিব।

আবেদনকাৰীৰ অধিবক্তাই এই বিষয়টো তদন্তৰ বাবে অনুৰোধ জনায়। তেতিয়া মুখ্য ন্যায়াধীশে কেইটা ঘৰ ভাঙি পেলোৱা হৈছে বুলি প্ৰশ্ন কৰে। ইয়াৰ উত্তৰত ৰাজ্য চৰকাৰৰ অধিবক্তাই কয় যে, সেই স্থানত ১২৩ টা অবৈধ নিৰ্মাণ আছিল। এই ক্ষেত্ৰত ন্যায়াধীশ পাৰ্দিৱালাই কয় যে, ইমান বছৰে চৰকাৰে কি কৰি আছিল। ৰাজ্যই NHRC ৰ নিৰ্দেশক সন্মান দিব লাগে। তাৰোপৰি এনেকৈ হঠাতে কেনেকৈ ঘৰত বুলড’জাৰ চলাব পাৰে বুলি প্ৰশ্ন কৰে ন্যায়ালয়ে।

মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে, এই গোচৰৰ তদন্ত কৰা দৰকাৰ। ৰাষ্ট্ৰীয় ঘাইপথৰ মূল প্ৰস্থ দেখুৱাবলৈ উত্তৰ প্ৰদেশ চৰকাৰে কোনো নথি দাখিল কৰা নাই। দ্বিতীয়তে, বুলড’জাৰ চলোৱাৰ আগতে অবৈধ নিৰ্মাণৰ বিৰুদ্ধে চলোৱা তদন্তৰ কোনো নথি পত্ৰ নাই, তৃতীয়তে এই লোকসকলে যে বছৰ বছৰ ধৰি বেদখল কৰি আছিল তাৰ কোনো প্ৰমাণ নাই। গতিকে এই বিষয়ত তদন্ত হ’ব লাগে।

উল্লেখ্য যে, ২০১৯ চনত চৰকাৰে পথ বহল কৰাৰ নামত ঘৰ ভাঙি পেলোৱাৰ সৈতে জড়িত আবেদনৰ শুনানি গ্ৰহণ কৰে উচ্চতম ন্যায়ালয়ে। এই বিষয়টোত মনোজ তিব্ৰেৱাল আকাশৰ হৈ ৰিট আবেদন দাখিল কৰা হৈছিল। আবেদনকাৰীয়ে এই বিষয়টোত তদন্তৰ দাবী কৰাৰ লগতে এয়া অন্যায় বুলি উল্লেখ কৰিছিল। এই বিষয়টোৰ শুনানু গ্ৰহণ কৰিয়েই উচ্চতম ন্যায়ালয়ে ঘৰ ভাঙি দিয়া লোকসকলক ২৫ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ দিয়ে উত্তৰ প্ৰদেশ চৰকাৰক।

You May Also Like

More From Author