গোলাঘাট আৰক্ষীৰ জালত ৫টাকৈ গভাইত চোৰ। আৰক্ষীয়ে জব্দ কৰে ২ লক্ষাধিক টকাসহ বলেৰো বাহন। বৰটিং তিনিআলিৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত আটায়ে চলাইছিল লুট। লুটি নিছিল ডেৰ লক্ষাধিক টকা, বহু সামগ্ৰী, বেংক পাছবুক, লেপটপ। আকাশ দাস, বিনোদ কেওট, নৃপেন কলিতা, পাৰ্থপ্ৰতিম ৰাজখোৱা, প্ৰিন্স বৰপাত্ৰগোঁহাইকো আটক কমাৰবন্ধা আৰক্ষীৰ।
‘কটনৰ সন্মুখত নহ’ব খাও গলী’। মন্তব্য মেয়ৰ মৃগেন শৰণীয়াৰ । কটন বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ সুস্থিৰ ৰখাৰ বাবে এই সিদ্ধান্ত। কটনৰ ছাত্ৰ সমাজৰ অভিযোগৰ পাছতে এই সিদ্ধান্ত GMCৰ।
🔹তেজপুৰ কছাৰীগাঁৱত চিকিৎসকৰ আত্মহননৰ ঘটনা। ডা° ৰৌনক প্ৰজাপত নামৰ চিকিৎসকৰ চূড়ান্ত সিদ্ধান্ত। জন মিছামাৰী উপস্বাস্থ্যকেন্দ্ৰত কৰ্মৰত আছিল চিকিৎসকগৰাকী। মাতৃৰ সৈতে ভাড়াঘৰত আছিল চিকিৎসকগৰাকী।
ৰঙিয়াত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। অভিযানত জব্দ ১০০টা কণ্টেইনাৰসহ ১৩ গ্ৰাম হেৰ’ইন । আটক মুন আলী নামৰ ড্ৰাগছ ব্যৱসায়ীক। অধিক তথ্যৰ বাবে আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।
চিয়াং নদীত অঘটন। চিয়াং নদীত গা ধুবলৈ গৈ সন্ধানহীন দুই কিশোৰ।ব’লবম উপলক্ষে চিয়াং নদীত গা ধুবলৈ কানায়া চাহানী আৰু গলু চাহানী নামৰ দুই কিশোৰ। ইয়াৰ পাছতে দুয়ো সন্ধানহানী হৈ পৰে।সন্ধানহীন দুয়ো কিশোৰৰ ঘৰ জোনাইৰ উদয়পুৰত। সন্ধানহীন কানায়া চাহানী পৱন চাহানীৰ পুত্ৰ আৰু গলু চাহানী ৰাজশ চাহানীৰ পুত্ৰ।