শনিবাৰৰ নিশা ১ বাজি ৩০ মিনিটত খ্ৰীষ্টানবস্তিত থকা বাৰ্বী হোটেল এণ্ড ফাষ্টফুডত এই ঘটনা ঘটে। জানিব পৰা মতে, এখন মহিন্দ্ৰা থাৰ বাহনেৰে নিশাৰ আহাৰ গ্ৰহণ কৰাৰ উদ্দেশ্যৰে বাৰ্বী হোটেল এণ্ড ফাষ্ট ফুডত ৫ জন যুৱক ৰৈছিল। অভিযোগ অনুসৰি, সুৰামত্ত অৱস্থাত থকা যুৱককেইজনে হোটেলৰ কৰ্মচাৰীয়ে কেৱল মাত্ৰ অসমীয়াত কথা পতাৰ বাবে
বিশাল মেগা মাৰ্টত ম্যাদ উকলি যোৱা খাদ্যৰ পেকেট, প্ৰশাসনে বন্ধ কৰি দিলে সামগ্ৰী বিক্ৰী।
হত্যা-হিংসাৰ এই অগ্নিগৰ্ভৰ পৰিস্থিতিৰ মাজতে কালি পুনৰ জ্বলি উঠে মণিপুৰ। কালি ৰাজ্যখনৰ ইম্ফল পশ্চিম জিলাত তিনিখন খালী গেছ চিলিণ্ডাৰ ভৰ্তি ট্ৰাকত অগ্নিসংযোগ কৰে অচিনাক্ত দুষ্কৃতিকাৰীয়ে। কালি দিনৰ ভাগতে মিছাও গেছ এজেন্সীৰ ট্ৰাক কেইখনত অস্ত্ৰধাৰী অচিনাক্ত দুৰ্বৃত্তৰ দলটোৱে অগ্নিসংযোগ কৰে। এই ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে চেকামি আৰক্ষীৰ এটা দল আৰু
খাদ্য মন্ত্ৰালয়ৰ উপভোক্তা পৰিক্ৰমা বিভাগে বিলাহী প্ৰতি কিলোগ্ৰামত ৯০ টকা ৰাজ সাহায্যযুক্ত হাৰত বিক্ৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। চৰকাৰৰ এই হস্তক্ষেপৰ ফলত বিলাহীৰ পাইকাৰী মূল্য হ্ৰাস পাইছে। আজিৰ পৰা অৰ্থাৎ ১৬ জুলাই, ২০২৩ ৰ দেওবাৰৰ পৰা প্ৰতি কিলোগ্ৰামত ৮০ টকাকৈ বিলাহী বিক্ৰী কৰাৰ সিদ্ধান্ত লৈছে। দিল্লী, নয়ডা, লক্ষ্ণৌ, কানপুৰ, বাৰনাসী
অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী, ১৫ জুলাই হোজাইৰ প্ৰাক্তন বিজেপি বিধায়ক তথা বিজেপি নেতা শিলাদিত্য দেৱৰ বিৰূদ্ধে আজি এআইইউডিএফৰ ধুবুৰী জিলাৰ যুৱমৰ্চাই ধুবুৰী সদৰ থানাত এখন এজাহাৰ দাখিল কৰা হোৱা বুলি জানিব পৰা গৈছে।এজাহাৰখনত যোৱাকালি (১৪ জুলাইৰ দিনা) হোজাইৰ প্ৰাক্তন বিজেপি বিধায়ক গৰাকীয়ে সামাজিক মাধ্যমকে ধৰি সংবাদ মাধ্যমত ধুবুৰীৰ সাংসদ তথা এআইইউডিএফ