সাংবাদিকক দুৰ্ব্যৱহাৰঃ সাতগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক নিলম্বনৰ দাবী

সাংবাদিকক দুৰ্ব্যৱহাৰঃ সাতগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক নিলম্বনৰ দাবী

বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতে সাংবাদিকক দুৰ্ব্যৱহাৰ কৰা সাতগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সন্দীপ কুমাৰ কানুক অচিৰেই নিলম্বনৰ দাবী তুলি পূব গুৱাহাটী প্ৰেছ ক্লাবৰ সদস্যসকলে বিভিন্ন দল-সংগঠনৰ সহযোগত শনিবাৰে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। গুৱাহাটীৰ নাৰেঙ্গীস্থিত পূব গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মুখত ক’লা বেজ পৰিধান কৰি প্ৰতিবাদী সাংবাদিকসকলে আৰক্ষীৰ মইমতালী নচলিব, সাংবাদিক

অনিৰ্দিষ্ট কাললৈ কমলাবাৰী নিমাতি ফেৰী সেৱা বন্ধৰ ঘোষণা…

অনিৰ্দিষ্ট কাললৈ কমলাবাৰী নিমাতি ফেৰী সেৱা বন্ধৰ ঘোষণা…

অনিৰ্দিষ্ট সময়ৰলৈকে কমলাবাৰী নিমাতি ফেৰী সেৱা বন্ধৰ ঘোষণা। ব্রহ্মপুত্রত জলস্তৰ বৃদ্ধিৰ বাবেই এই সিদ্ধান্ত আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ। অফলামুখ নিমাতিৰ মাজত গুটীয়া ফেৰী সেৱা বন্ধৰ ঘোষণা কৰিছে বিভাগটোয়ে। বাৰিষা আগমনৰ লগে লগে ৰাজ্যত নৈ-উপনৈ সমূহত বৃদ্ধি পাইছে জলস্তৰৰ পৰিমাণ। সমান্তৰালভাবে ব্রহ্মপুত্রৰো জলস্তৰ বৃদ্ধি পোৱাৰ বাবে দেখা দিছে ব্যাপক খহনীয়াই। তদুপৰি

বিহালী বাহবাৰীৰ বন্যহস্তিৰ তাণ্ডব

বিহালী বাহবাৰীৰ বন্যহস্তিৰ তাণ্ডব

বিহালী বাহবাৰীৰ বন্যহস্তিৰ তাণ্ডব,এটা বাসগৃহ ভাঙি ক্ষতি সাধন খেতিয়কৰ পথাৰত ধান খেতি তহিলং ঘটনাৰ স্থলীত বন বিভাগৰ লোক আজি পুৱাই বিহালী বাহবাৰীত বন্যহস্তিৰ তাণ্ডব এজন লোকৰ বাসগৃহ ভাঙি ক্ষতি সাধন তদুপৰি বাহবাৰীৰ পথাৰত খেতিয়ক ৰাইজৰ ধান খেতি গচকি মুহাৰি তহিলং।তথ্য মতে আজি পুৱা ৫ মান বজাত কাজিৰঙা ষষ্ট সংযোজনাৰ পৰা

ৰঙিয়াত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা,কথমপি প্ৰাণ ৰক্ষা কেবাজনৰ

ৰঙিয়াত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা,কথমপি প্ৰাণ ৰক্ষা কেবাজনৰ

২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰঙিয়া হাইৱে’ চকত ভয়ংকৰ দুৰ্ঘটনা । ৰৈ থকা ট্ৰাকত তীব্ৰ বেগী ট্ৰাকে খুন্দিওৱাত দুৰ্ঘটনাটো সংঘটিত হয় । দুৰ্ঘটনাটোত এজন চালক আহত হয় । ৰঙিয়া হাইৱে’ চকত ৰৈ থকা MH-15-EG-7213 নম্বৰৰ এখন ট্ৰাকত গুৱাহাটী অভিমুখী RJ-11-GC-2547 নম্বৰৰ এখন তীব্ৰ বেগী ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে

নগাঁৱৰ বেবেজীয়াৰ আৰ্য জাতীয় বিদ্যালয়ত প্ৰাক গ্ৰীষ্মকালীন সমাৰোহ সম্পন্ন,গীতে-মাতে উজলি উঠিল বিদ্যালয় প্ৰাংগণ

নগাঁৱৰ বেবেজীয়াৰ আৰ্য জাতীয় বিদ্যালয়ত প্ৰাক গ্ৰীষ্মকালীন সমাৰোহ সম্পন্ন,গীতে-মাতে উজলি উঠিল বিদ্যালয় প্ৰাংগণ

নিউজ ব্যুৰ’,নগাঁও,৮জুলাই:–শিক্ষাৰ গুণগত মান উন্নয়নৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ কৰা অন্যতম বৌদ্ধিক কেন্দ্ৰস্থল নগাঁও জিলাৰ বেবেজীয়াত অসম জাতীয় বিদ্যালয়ৰ আৰ্হিত ২০০৫চনৰ ৭ফেব্ৰুৱাৰীত প্ৰতিষ্ঠা হোৱা আৰ্য জাতীয় বিদ্যালয়ৰ “প্ৰাক গ্ৰীষ্মকালীন সমাৰোহ”খনি শুক্ৰবাৰে দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় । এই উপলক্ষে পুৱা পতাকা উত্তোলনৰে কাৰ্যসূচীৰ মুকলি কৰে বিদ্যালয়ৰ প্ৰশাসনিক কাৰ্যবাহী ঋতু পৰ্ণ শৰ্মাই ।