নিজ সন্তানৰ বয়সৰ নায়িকাৰ সৈতে বলীউডৰ হিৰোৰ ৰোমাঞ্চ নতুন কথা নহয়৷ বন্ধুৰ কন্যাও নায়িকা হৈছিল ছলমানখানৰ৷ অৱশ্যে সমালোচনাৰ চিকাৰ নহ’ল ভাইজান৷ এইবাৰ ২৮ বছৰে সৰু অভিনীত কৌৰক দেখা যাব অভিনেতা নাৱাজউদ্দিন ছিদ্দিকীৰ নায়িকা হিচাপে৷ ছবিৰ নাম ‘চেৰু ৱেডছ টিকু’৷ ছ’চিয়েল মিডিয়াৰ ছেনছেশ্যন অভিনীতে এই ছবিৰ যোগেদিয়েই ৰূপালী পৰ্দাৰ যাত্ৰা আৰম্ভ
ভূটানৰ পৰা নামি অহা ননৈ নদীৰ গৰাখহনীয়াই এতিয়া বিপদ মাতিছে ওদালগুৰিৰ ভূটিয়াচাং আদৰ্শ বিদ্যালয়কে ধৰি জলজীৱন মিছনৰ পানী যোগান আঁচনিৰ লগতে বহুকেইটা পৰিয়াললৈ | ইতিমধ্যে নদীত জাহ গৈছে ৫টাকৈ পৰিয়ালৰ মাটি-সম্পত্তি | নিৰৱ ভূমিকাত স্থানীয় বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰী | নিজৰ অৱশিষ্ট ঘৰ-মাটি হেৰুওৱাৰ দুঃস্বপ্নই নিদ্ৰাহৰণ কৰিছে এখন গাৱৰ ৰাইজৰ
নিউজ ব্যুৰ’,নগাঁও,১৮জুন:–নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে তেওঁৰ সাংসদ পুঁজিৰ অনুদানেৰে থলুৱা সমস্যাৰ সুদূৰ প্ৰসাৰী থলুৱা সমাধান বিচাৰি “নগাঁৱৰ আহ্বান-নগঞা সমিধান!” শীৰ্ষক এখনি সামাজিক অংশীদাৰীত্বৰ প্ৰতিযোগিতাৰ আয়োজন কৰিছে । নগাঁও আৱৰ্ত ভৱন সভাকক্ষত আয়োজিত এক সংবাদ মেলত সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে “নগাঁৱৰ আহ্বান- নগঞা সমিধান!” ৰ ওপৰত আলোকপাত কৰি কয় যে
বিগত কেইবাদিন ধৰি অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত শেহতীয়াকৈ চন্দ্ৰপুৰ আৰু পানীখাইতীৰ দাঁতিৰে বৈ যোৱা ব্ৰহ্মপুত্ৰৰ পানী ফেনে ফোটোকাৰে বৃদ্ধি পাইছে। যোৱা তিনি দিনত পানীৰ মাত্ৰা ইমানে বৃদ্ধি পাইছে যে ইতিমধ্যে বৃহত্তৰ অঞ্চলৰ বিভিন্ন এলেকা প্লাৱিত হৈ সাগৰসদৃশ হৈ পৰিছে বিস্তীৰ্ণ অঞ্চল। জানিব পৰা মতে পানীখাইতীৰ বিস্তীৰ্ণ অঞ্চল বিশেষকৈ খাঙ্কৰ,
সকলো মহিলাই ধুনীয়া হৈ থাকিবলৈ বিচাৰে। বিশেষকৈ মুখখন নিমজ তথা দাগহীন কৰি ৰখাটো সকলো মহিলাৰে হয়তো প্ৰথম আকাংক্ষা।ইয়াৰ বাবে তেওঁলোকে ছালত বহুতো সৌন্দৰ্য সামগ্ৰী ব্যৱহাৰ কৰে। কিন্তু তাৰ পাছতো মুখত শালমনকে ধৰি বিভিন্ন সমস্যাই দেখা দিয়ে। এনে পৰিস্থিতিত, আপুনি কেতবোৰ ঘৰুৱা প্ৰতিকাৰ ব্যৱহাৰ কৰি শালমনৰ সমস্যাৰ পৰা সকাহ পাব পাৰে।হয়,