ঢেকিয়াজুলিৰ বেলশিৰিৰ চেচাঁ নদীত উদ্ধাৰ শক্তিশালী বোমা

ঢেকিয়াজুলিৰ বেলশিৰিৰ চেচাঁ নদীত উদ্ধাৰ শক্তিশালী বোমা

বিষ্ফোৰন ঘটাই নিস্ক্ৰিয় কৰিলে সেনাবাহিনীয়ে ৷ ঢেকিয়াজুলিৰ বেলশিৰিৰ চেচাঁ নদীত উদ্ধাৰ হোৱা শক্তিশালী বোমাক লৈ চাঞ্চল্য ৷স্থানীয় লোকে চেঁচা নদীত মাছ ধৰিবলৈ যাওঁতে প্ৰত্যক্ষ কৰে বোমা৷ পিছত আৰক্ষী প্ৰশাসনক অৱগত কৰাত ঘটনাস্থলীত আৰক্ষী-সেনা বাহিনী আৰু বোমা স্কোৱাডৰ দল আহি ইতিমধ্যে শক্তিশালী বোমাটো নদীৰ বালিত গাত খান্দি পুতি বিস্ফোৰণ ঘটাই ৷এক

আজিৰ পৰা বৃদ্ধি পালে ব্যৱসায়িক চিলিণ্ডাৰৰ দাম

আজিৰ পৰা বৃদ্ধি পালে ব্যৱসায়িক চিলিণ্ডাৰৰ দাম

তেল কোম্পানীসমূহে বৃদ্ধি কৰিলে চিলিণ্ডাৰৰ দাম। ১৯ কেজিৰ প্ৰতিটো ব্যৱসায়িক চিলিণ্ডাৰৰ দাম ৩৯ টকাকৈ বৃদ্ধি। ১ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ বৃদ্ধি কৰা হ’ল চিলিণ্ডাৰৰ দাম।

১৯ দিনীয়া কুটনৈতিক ভ্ৰমণ সামৰি দিল্লীত উপস্থিত কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

১৯ দিনীয়া কুটনৈতিক ভ্ৰমণ সামৰি দিল্লীত উপস্থিত কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

৫ খন দেশৰ ৰাষ্ট্ৰপতি ৩ খন দেশৰ প্ৰধানমন্ত্ৰী আৰু ৮ খন দেশৰ বৈদেশিক মন্ত্ৰীৰে বৈঠকত মিলিত হয় কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰীগৰাকী। দিল্লীত উপস্থিত হৈ কুটনৈতিক ভ্ৰমণৰ অভিজ্ঞতা ব্যক্ত কৰিলে মন্ত্ৰীগৰাকীয়ে।