গুৱাহাটীত নিৰ্মাণ হ’ব ছয়লেনযুক্ত ৰোড ! সংবাদমেল যোগে ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই…

গুৱাহাটীত নিৰ্মাণ হ’ব ছয়লেনযুক্ত ৰোড ! সংবাদমেল যোগে ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই…

গুৱাহাটীত নিৰ্মাণ হ’ব ৰিং ৰোড ৷ ছয়লেনযুক্ত হ’ব এই ৰিং ৰোড ৷ ৰিং ৰোড নিৰ্মাণৰ বাবে NHAIয়ে আহ্বান কৰিব নিবিদা ৷ ৫,৮০০ কোটি টকা ব্যয় হ’ব এই ৰিং ৰোড নিৰ্মাণত৷ সংবাদমেলযোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে এই কথা৷

বজাৰৰ মাজতে দম্পতীক আক্রমণ; ডকাইতি লুট কৰি নিয়ে তিনি লক্ষাধিক টকা সহ সোণৰ আ-অলংকাৰ

বজাৰৰ মাজতে দম্পতীক আক্রমণ; ডকাইতি লুট কৰি নিয়ে তিনি লক্ষাধিক টকা সহ সোণৰ আ-অলংকাৰ

মানুহে গিজগিজাই থকা বজাৰত দম্পতীক আক্রমণ দুৰ্বৃত্তৰ ৷ ছজনীয়া ডকাইতৰ দলে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি লুটি নিয়ে তিনি লক্ষাধিক টকা সহ সোণৰ আ-অলংকাৰ । এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হয় হোজাইৰ চৌধুৰী বজাৰত ৷ ডকাইতৰ চোকা অস্ত্ৰৰ প্ৰহাৰত আঘাতপ্ৰাপ্ত দম্পতীহালক ইতিমধ্যে ভৰ্তি কৰা হৈছে হোজাইৰ হাম হাস্পতালত । উল্লেখ্য যে, এই

মহানগৰীৰ জু -ৰোডত ৰহস্যজনক মৃত্যু মহিলাৰ..

মহানগৰীৰ জু -ৰোডত ৰহস্যজনক মৃত্যু মহিলাৰ..

মহানগৰীৰ জু-ৰোডত চাঞ্চল্যকৰ অঘটন ৷ এগৰাকী মহিলাৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ প্ৰাপ্ত খবৰ অনুসৰি, জু-ৰোডৰ ‘এক্সটিকা নামৰ এপাৰ্টমেণ্টটোৰ চতুৰ্থ মহলাৰ এগৰাকী মহিলা আবাসী তললৈ সৰি পৰি থিতাতে মৃত্যু হয় ৷ নিহত মহিলাগৰাকীক মীনাক্ষি নন্দি ৰায় বুলি চিনাক্ত কৰা হৈছে । শোকাৱহ ঘটনাটো সংঘটিত হোৱাৰ

২০০ বছৰলৈ সংখ্যালঘুৰ ভোট নালাগে বিজেপিক: পীয়ূষ হাজৰীকা

২০০ বছৰলৈ সংখ্যালঘুৰ ভোট নালাগে বিজেপিক: পীয়ূষ হাজৰীকা

আজি ওদালগুৰি জিলাৰ ভেৰগাঁও বিধানসভা সমষ্টিত বিজেপিৰ বিশাল জনজাগৰণৰ সভা অনুষ্ঠিত হয়। উক্ত সভাত মন্ত্ৰী পীয়ূষ হাজৰীকাই অংশগ্ৰহণ কৰে। সভাত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয়- দুশ বছৰলৈ নালাগে সংখ্যালঘুৰ ভোট। আমাক লাগে অসমীয়াৰ ভোট। প্ৰায় পাঁচ হাজাৰ লোকে অংশগ্ৰহণ কৰা সভাখনত উপস্থিত থাকে মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, কমলপুৰ সমষ্টিৰ

নগাঁৱৰ কচুৱাত আৰক্ষীৰ অভিযান; নকল টকা বিক্ৰী কৰি আটক নগালেণ্ডৰ এহাল দম্পতীসহ মুঠ চাৰিজনক

নগাঁৱৰ কচুৱাত আৰক্ষীৰ অভিযান; নকল টকা বিক্ৰী কৰি আটক নগালেণ্ডৰ এহাল দম্পতীসহ মুঠ চাৰিজনক

নগাঁৱৰ কচুৱাত আৰক্ষীৰ অভিযান নগাঁৱৰ কচুৱাৰ উত্তৰ শিমলুগুৰিত আৰক্ষীৰ অভিযান । অভিযনত আটক নগালেণ্ডৰ এহাল দম্পতীসহ মুঠ চাৰিজনক । নকল টকা বাণ্ডিল বিক্ৰী কৰিবলৈ লোৱাৰ সময়তে আটক চাৰিওজনক । অভিযানত আটক নগালেণ্ডৰ মিছ ভিচেনো,ইউ খান এ শিমৰায়ৰ লগতে উত্তৰ শিমুলুগুৰিৰ ইদ্ৰিছ আলী,কাজিৰঙাৰ বালিছৰীয়াৰ আনোৱাৰ হুছেইন । কচুৱা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী