নিউজ ব্যুৰ’,নগাঁও,২অক্টোবৰ:–“আজিৰ নৱপ্ৰজন্মই গুৰুজনাৰ বিজ্ঞান মানসিকতাক হৃদয়ংগম কৰি,তেওঁৰ আদৰ্শক সাৰোগত কৰি নিজকে একোজন প্ৰকৃত মানৱ সম্পদ হিচাপে নিজকে গঢ়ি তোলক।” এই উদ্দেশ্য আগত ৰাখি নগাঁও জিলাৰ ৰাইদঙীয়াৰ সামাজিক-সাংস্কৃতিক সংগঠন “সহোদৰ”ৰ উদ্যোগত এখনি ৰচনা প্ৰতিযোগিতাৰ আয়োয়ন কৰা হৈছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৭৫সংখ্যক জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি আয়োজিত এই ৰচনা
নিউজ ব্যুৰ’,নগাঁও,২অক্টোবৰ:–নগাঁও জিলাৰ কলিয়াবৰৰ অগ্ৰণী সাংস্কৃতিক-সামাজিক অনুষ্ঠান “ক্ৰিয়েটিভ- কলিয়াবৰ”ৰ উদ্যোগত আৰু নগাঁও জিলা আৰক্ষী প্ৰশাসনৰ সহযোগত ১ অক্টোবৰত অসম আৰক্ষী দিৱসটি আড়ম্বৰপূৰ্ণভাৱে উদযাপিত হয় । এই উপলক্ষে সন্ধিয়া ৭বজাৰ পৰা কুঁৱৰীটোলস্থিত কলিয়াবৰ মহাবিদ্যালয় প্ৰেক্ষাগৃহত কলিয়াবৰ মহকুমাৰসমূহ আৰক্ষীৰ উপস্থিতিত উদযাপিত আৰক্ষী দিৱসটি বন্তি প্ৰজ্বালনৰে শুভাৰম্ভ কৰে কলিয়াবৰ মহকুমাৰ মহকুমা আৰক্ষী বিষয়া
নিউজ ব্যুৰ’,নগাঁও,২অক্টোবৰ:–নগাঁও জিলাৰ কলিয়াবৰৰ কেইজনমান ব্যক্তিৰ ত্যাগ আৰু সুদূৰ প্ৰসাৰী চিন্তাৰে পি.ডব্লিউ.চি. আৰু এপাৰ্টৰ জৰিয়তে কলিয়াবৰ মীন পালক আৰু কৃষক ৰাইজক লৈ গঠন হোৱা “কলিয়াবৰ মীন পালন আৰু কৃষি ফার্মাৰ প্রডিউচাৰ কোম্পানী লিমিটেড”ৰ প্ৰথমখন বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈ যায় । পূৱথৰীয়াৰ বাপুজী পুথিভঁৰালৰ প্ৰাংগনত অনুষ্ঠিত অধিবেশনৰ লগত সংগতি ৰাখি অনুষ্ঠিত
যোৱানিশাৰ পৰা ধুবুৰীকে ধৰি সমগ্ৰ জিলাখনত আৰম্ভ হৈছে আৰক্ষীৰ বাল্য বিবাহৰ বিৰূদ্ধে অভিযান। ধুবুৰী আৰক্ষীৰ শীৰ্ষ মহলে বৰ্তমানলৈ আনুষ্ঠানিকভাবে একো নজনালেও জিলাখনৰ আটখন থানা এলেকাত বাল্য বিবাহ বিৰোধী অভিযানত শতাধিক লোক আটক হোৱা বুলি প্ৰকাশ। জানিব পৰা মতে, ধুবুৰী সদৰ থানা এলেকাৰ পৰা ৩৫গৰাকী, গোলকগঞ্জ থানা এলেকাৰ পৰা ৪০গৰাকী, আগমণি
ৰাজ্যজুৰি অসাংবিধানিক স্বামীৰ বিৰুদ্ধে যোৱানিশাৰে পৰা অভিযান অব্যাহত আছে। যোৱানিশা অভিযান চলাই ভূৰাগাঁও আৰু লাহৰীঘাট আৰক্ষীয়ে ৪জনকৈ অসাংবিধানিক স্বামী গ্ৰেপ্তাৰ কৰে। ভূৰাগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অসাংবিধানিক স্বামী দুজন ক্ৰমে পংকজ মণ্ডল আৰু ৰমেন বিশ্বাস। লাহৰীঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অসাংবিধানিক স্বামী দুজন ক্ৰমে আব্দুল ৰহিম আৰু আফতাৰ হুছেইন।