Site icon Guwahati Times

‘পাথান’: সোণালী বিকিনিত দীপিকা, চাৰ্টবিহীন শ্বাহৰুখ; ‘বেছৰাম ৰং’ মুকলি…

দীপিকা পাডুকন, শ্বাহৰুখ খান আৰু জন আব্ৰাহাম অভিনীত ছবি ‘পাথান’ ২৫ জানুৱাৰীত মুক্তি পাব। আজি ইয়াৰ প্ৰথমটো গীত মুকলি কৰা হৈছে। ‘বেছৰাম ৰং’ শীৰ্ষক গীতটোৱে মুক্তিৰ ২ ঘণ্টাত ১৬ লাখতকৈ অধিক ভিউৱাৰ লাভ কৰিছে। এনে পৰিস্থিতিত শ্বাহৰুখ খানৰ বাবেও হয়তো এটা ভাল সংকেত হ’ব পাৰে। বছৰৰ প্ৰথমখন হিট ছবি উপহাৰ দিবলৈ শ্বাহৰুখ খানো বিশেষ আশাবাদী।

Also read: শৰীৰৰ অন্য অংশৰ তুলনাত যৌনাংগৰ ৰং ক’লা! সেই অংশ বগা কৰা কিমান দূৰ স্ৱাস্থ্যসন্মত, জনাইছে বিশেষজ্ঞই

বহুদিনৰ মূৰত বলীউডৰ কিং খানে পুনৰ ৰূপালী পৰ্দাত নিজৰ প্ৰদৰ্শনেৰে ধুমুহাৰ সৃষ্টি কৰিবলৈ বিচাৰিছে। ইতিমধ্যে মুক্তি লাভ কৰিছে ‘পাথান’ৰ টিজাৰ।

Also read: শীতকালত দৈনিক এটাকৈ কমলা খোৱাৰ বিশেষ উপকাৰিতাসমূহ 

কুমাৰৰ দ্বাৰা ৰচনা কৰা গীতটিৰ সংগীত পৰিচালনা কৰিছে বিশাল আৰু শেখৰে। সংগীত পৰিচালক যুটিৰ তত্বাৱধানত কণ্ঠদান কৰিছে শিল্পা ৰাও, কেৰালিছা মণ্টেৰিঅ’ই। নৃত্য পৰিচালক বৈবৱী মাৰ্চেণ্টৰ গীতৰ সুৰত নৃত্য কৰিছে শ্বাহৰুখ-দীপিকাই।

Exit mobile version