28 C
Assam
Saturday, June 10, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

আকৌ কাক কিয় ‘মাল’ বুলি ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ?

Assamese Newsআকৌ কাক কিয় ‘মাল’ বুলি ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ?

আম আদমী পাৰ্টী চমুকৈ আপৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ প্ৰতি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যথেষ্ট ক্ষোভ আছে । সেই ক্ষোভৰ বহিঃপ্ৰকাশ প্ৰায়ে দেখিবলৈ পোৱা যায় । দেওবাৰেও ইয়াৰ ব্যতিক্ৰম নহল । দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক দেওবাৰে পুনৰ সৰৱ হোৱা দেখা গল Assam CM criticized Delhi CM Arvind Kejriwal ।

জনতা ভৱনত আয়োজন কৰা এখন সংবাদমেলত সাংবাদিকে আপৰ প্ৰসংগ উত্থাপন কৰাত সৰৱ হৈ পৰা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় ‘‘অসমত এনে কি ‘মাল আছে আমি নাজানো । এইটো কি বস্তু কৰ পৰা আহিছে । এইটো আমাৰ খাদ্য নহয় সংবাদ মাধ্যমৰহে খাদ্য । নিৰ্বাচনৰ পাচত গম পোৱা যাব কি মালবস্তু Assam CM comment on MAAL।

দিল্লী আৰু পাঞ্জাৱত চৰকাৰ চলাই থকা আপ ক অসমৰ ক্ষেত্ৰত কি নতুন ‘মালবস্তু বুলি কটাক্ষ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ‘মাল কোনো বেয়া শব্দ নহয় আৰু বিভিন্ন ক্ষেত্ৰত ইয়াক ব্যৱহাৰ কৰা হয় । ‘মাল সাংবিধানিক শব্দ । মুখ্যমন্ত্ৰীয়ে তেওঁৰ এই শব্দক লৈ হব পৰা প্ৰতিক্ৰিয়াৰ প্ৰতি লক্ষ্য ৰাখি লগে লগে ‘মাল শব্দটোৰ পক্ষত যুক্তি দাঙি ধৰে । মুখ্যমন্ত্ৰীয়ে ‘মালবস্তু অসংসদীয় শব্দ নহয় বুলি লগে লগে সদৰী কৰে যদিও আপক কটাক্ষ কৰাৰ পৰা বিৰত নাথাকিল ।
মুখ্যমন্ত্ৰীয়ে কয় ‘‘মই অৰবিন্দ কেজৰিৱালৰ নিমন্ত্ৰণৰ অপেক্ষাত আছো । ডেৰ লাখ চৰকাৰী চাকৰি থকা দিল্লীত তেওঁ কেনেকৈ ১২ লাখ চাকৰি দিলে । ইয়াৰ উত্তৰ তেওঁ দিব লাগিব । গুৱাহাটীলৈ আহি অসমৰ মানুহক বুৰ্বক সজালে নহব ।

১২ লাখ চাকৰি দিয়াৰ ৰহস্য উদঘাটন কৰিব লাগিব । ব্যক্তিগত খণ্ডত নিয়োজিত কৰা বুলি কলে নহব ।মুখ্যমন্ত্ৰীয়ে লগতে কয় যে যি কৰিছে সেইটো কব লাগে । মিছা কথা কব নালাগে । বিনামূলীয়া বিদ্যুৎ দিছে ঠিক আছে । কিন্তু ডেৰ লাখ চৰকাৰী চাকৰি থকা দিল্লীত কেনেকৈ ১২ লাখ চাকৰি দিলে । অৰবিন্দ কেজৰিৱালৰ বেচিক নলেজ নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অৰবিন্দ কেজৰিৱালে একেটা ভাষণকে বিভিন্ন ঠাইত দিয়ে ।ইফালে সামজিক মাধ্যমত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কৰা অভিযোগৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে এই সন্দৰ্ভত মানহানিৰ গোচৰ তৰা হব । ১৪ এপ্ৰিলৰ বিহুৰ অনুষ্ঠানৰ পাচতে এইক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰা হব বুলি মুখ্যমন্ত্ৰীয়ে কয় ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!