আজি ঈদ-উল-ফিতৰ, ৰাজ্যজুৰি আনন্দৰ বন্যা…

আজি ঈদ-উল-ফিতৰ, ৰাজ্যজুৰি আনন্দৰ বন্যা…

আজি পৱিত্ৰ ঈদ-উল-ফিতৰ। আকাশত ঈদৰ জোন প্ৰত্যক্ষ হোৱাৰ পাছতেই উদযাপন কৰা হৈছ ঈদ।

এই পৱিত্ৰ ক্ষণত ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ মাজত ব্যাপক উচাহ দেখিবলৈ পোৱা যায়। ১ মাহ ধৰি ৰোজা ৰখাৰ পাছত আজি সকলোৱে পালন কৰিছে ঈদ। প্ৰেম-ভাতৃত্ববোধৰ বাৰ্তাৰে ইজনে আনজনক জনাইছে ঈদৰ শুভেচ্ছা।

পুৱাই ঈদগাহ, ময়দান সমূহত সমূহীয়া নামাজ আদায় কৰে। এই ঈদে প্ৰতিগৰাকী লোকলৈ কঢ়িয়াই আনক শান্তি, সমৃদ্ধি, ভাতৃত্ববোধৰ বতৰা। পৱিত্ৰ ঈদৰ অলেখ শুভেচ্ছা।

GTM Desk