কাইলৈ BTCত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন, ১৯টা সমষ্টিত ১১১ প্ৰাৰ্থীৰ নিৰ্ণয় হ’ব ভাগ্য

1 min read

কাইলৈ BTCৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন৷ কোকৰাঝাৰ আৰু চিৰাং জিলাৰ ১৯টা পৰিষদীয় সমষ্টিত পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব ভোটগ্ৰহণ৷ ভোটগ্ৰহণ পৰ্ব শান্তিপূৰ্ণ আৰু সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে দুয়োখন জিলাত বিশেষ নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে ৷ ছীল কৰি দিয়া হৈছে ভূটান সীমান্ত৷

কাইলৈ অনুষ্ঠিত হ’বলগীয়া ১৯টা সমষ্টিত ১০,২৩,৪০৪ জন ভোটাৰে ১১১জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব৷ ১,৪০৭টা ভোটগ্ৰহণ কেন্দ্ৰত পুৱা ৭.৩০ৰ পৰা আবেলি ৪.৩০বজালৈ চলিব ভোটগ্ৰহণ৷

ইতিমধ্যে প্ৰিজাইডিং বিষয়াসকলে জিলা সদৰ আৰু মহকুমা সদৰৰ পৰা বেলট পেপাৰ, বেলট বক্স আৰু অন্যান্য সা-সামগ্ৰীসমূহ সংগ্ৰহ কৰিছে৷ লগতে কোভিড–১৯ৰ মহাসংক্ৰমণৰ মাজতে অনুষ্ঠিত হোৱা নিৰ্বাচনৰ বাবে ছেনিটাইজাৰ, মাক্স আদিও প্ৰিজাইডিং বিষয়াসকলক প্ৰদান কৰিছে ৰাজ্যিক নিৰ্বাচন আয়োগে৷

উল্লেখযোগ্য যে কোকৰাঝাৰৰ তিনিটা মহকুমাত বাৰটা সমষ্টি আৰু চিৰাঙৰ দুটা মহকুমাত সাতটা পৰিষদীয় সমষ্টিত কাইলৈ ভোটগ্ৰহণ হ’ব৷

প্ৰথম পৰ্যায়ত বাক্সা আৰু ওদালগুৰি জিলাত ২১টা পৰিষদীয় সমষ্টিত বিগত ৭ ডিচেম্বৰত অনুষ্ঠিত হৈ যায় ভোটগ্ৰহণ৷ সেই ভোটগ্ৰহণ প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈ যায় আৰু ৭৭% ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰে৷

You May Also Like

More From Author