কা আন্দোলন কি হ’ল ? কা আন্দোলনৰ বৰ্ষপূৰ্তি উপলক্ষে মানস ৰবীনৰ বিশেষ উদ্যোগ

1 min read

কা আন্দোলনৰ এবছৰ হ’ল । ২০১৯ বৰ্ষৰ ৬ ডিচেম্বৰতেই আনুষ্ঠানিক ভাবে কা আন্দোলনে ৰাজ্যত ব্যাপক ৰূপ ধাৰন কৰিছিল । সেই আন্দোলনৰ প্ৰতি কোনো সহাৰি নিদিলে চৰকাৰে । কা হ’ল । কিন্তু এই প্ৰতিবাদ ক’ত হেৰাই গ’ল । সংবাদ মাধ্যমেও পাহৰি পেলালে কা আন্দোলনৰ কথা ।

শিল্পী মানস ৰবীনে কিন্তু পাহৰা নাই এই আন্দোলন । এটা ভিডিঅ’ত মানস ৰবীনে কৈছে কা বিৰোধী আন্দোলন আৰম্ভ হোৱা এটা বচৰ পাৰ হ’ল । আমি কা বিৰোধী শিল্পী নামেৰে জনজাত হোৱা মানুহ । কা আন্দোলনটোৰ কি হ’ল ।

‘কা’ আন্দোলনটোৰ কি হ’ল ? কিবা ফলাফল আহিল নে ? আগলৈ কি হ’ব ? এনে প্ৰশ্নৰ মুখামুখি প্ৰতিনিয়ত হৈ আহিছোঁ। এই গোটেইবোৰ কথা বিভিন্নজনৰ স’তে লগ লাগি আলোচনা কৰিব পৰাকৈ কৰ’না মহামাৰীয়ে পৰিৱেশ এটাই নিদিলে।

ইয়াৰ মাজতে ‘কা’ বিৰোধী আন্দোলনৰ নেতৃত্ব লোৱা বহুজনে বহুদিশে গতি ল’লে। শিপাক খামুচি ৰৈ থকাটো বৰ সহজ কাম নহয়! আৰু কিছু দিনৰ পাছতে হয়তো কা বলবতেই হ’ব। ইমান এটা গণ আন্দোলনৰ পাছত আমি অকণমানো পৰ্যালোচনা নকৰিম নে ? নকৰিমনে অকণমানো আত্মমন্থন ? অসমৰ নতুন প্ৰজন্মইনো কি ভাবে ? সেইবাবেই আয়োজন সদৌ অসম ভিত্তিত নিবাৰণ বৰা সোঁৱৰণী বক্তৃতা প্ৰতিযোগিতা।

প্ৰতিযোগিতাৰ বিষয় আছিল– ‘কা’ বলবৎ হ’লে আমাৰ কি লাভ হ’ব, কি লোকচান হ’ব ? ‘কা’ বিৰোধী আন্দোলন সফল নে বিফল ? ‘কা’ এইবাৰ নিৰ্বাচনৰ এটা ইচ্ছ্যু হ’বনে ?
নিৰ্ধাৰিত ৫ মিনিটৰ ভিতৰত নিজৰ বক্তৃতা সম্পূৰ্ণ কৰি বক্তাসকলে তেখেতসকলৰ বক্তৃতা প্ৰেৰণ কৰিব লাগিব।

সোমবাৰৰ পৰা পৰ্যায়ক্ৰমে মানস ৰবীনৰ পেজৰ জৰিয়তে তেখেতসকলৰ বক্তৃতা সমূহ প্ৰকাশ কৰা হ’ব। প্ৰতিজন বক্তাৰ বক্তৃতা প্ৰকাশ হোৱা প্ৰথম তিনি দিনৰ ভিতৰত তেখেতে লাভ কৰা শ্ৰোতা-দৰ্শকৰ সমৰ্থন আৰু বিচাৰকসকলৰ নম্বৰৰ জৰিয়তে প্ৰতিযোগিতাৰ প্ৰথম,দ্বিতীয় আৰু তৃতীয় স্থানৰ বক্তা সকলক বাছনি কৰিব।

এই প্ৰতিযোগিতাৰ প্ৰথম,দ্বিতীয় আৰু তৃতীয় স্থানৰ বক্তা সকলক ক্ৰমে ১০০০০ , ৫০০০ আৰু ৩০০০ টকা পুৰস্কাৰ প্ৰদান কৰিব । মানস ৰবীনৰ পৃষ্ঠপষোকতাত জোনবাই সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত “নিবাৰণ বৰা সোঁৱৰণী বক্তৃতা প্ৰতিযোগিতা”ৰ আয়োজন কৰা হৈছে ।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰনক শিল্পী গৰাকীয়ে জনিব দিয়া মনতে এই প্ৰতিযোগিতা আয়োজনৰ জৰিয়তে নতুন প্ৰজন্মৰ কা বিষয়ক চিন্তা চৰ্চাৰ আভাষ পোৱা যাব । উল্লেখ যোগ্য যে এই ভিডিঅ’ ৱাটচএপ নম্বৰ ৮০১১০০৭০০৩ যোগে প্ৰেৰন কৰিব পাৰিব ।

You May Also Like

More From Author