ছিপাঝাৰত বোৱাৰী নিৰ্যাতনৰ জঘন্য ঘটনা

ছিপাঝাৰত বোৱাৰী নিৰ্যাতনৰ জঘন্য ঘটনা

 দৰঙ জিলাৰ ছিপাঝাৰত সংঘটিত হৈছে বোৱাৰী নিৰ্যাতনৰ এক জঘন্য ঘটনা। স্বামী আৰু শহুৰ- শাহুৰ বিৰুদ্ধে মহিলাৰ গুপ্তাংগত ভোট-জলকীয়া আচাৰৰ তেল ধালি নিৰ্মমভাৱে অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে ।

যন্ত্ৰণাকাতৰ মহিলাগৰাকীয়ে পুখুৰীত তীব্ৰ যন্ত্ৰণাৰ পৰা উপশম পোৱাৰ চেষ্টা কৰে। দুই সন্তানৰ মাতৃ তথা মহিলাগৰাকীৰ মৰণকাতৰ চিঞৰত স্থানীয় ৰাইজে ঘটনাৰ উমান পাই ৰাজ্যিক মহিলা আয়োগৰ দলক খবৰ দিয়ে আৰু কিছুসময় পাছতে মহিলা আয়োগৰ দলটো উপস্থিত হয়।

জানিব পৰামতে, প্ৰায় ১০ বছৰ পূৰ্বে হিন্দু ধৰ্মালম্বী ভুক্তভোগী মহিলাগৰাকীক পশ্চিম ছিপাঝাৰৰ ইছলাম ধৰ্মলম্বী আইনুদ্দিন আলিয়ে পলুৱাই নি বিয়া কৰাইছিল। বৰ্তমান তেওঁ দুই সন্তানৰ মাতৃ।

উল্লেখ্যে যে, যোৱা মঙলবাৰে স্বামী আৰু শহুৰ-শাহুৱে বোৱাৰীগৰাকীৰ নিৰ্মমভাৱে অত্যাচাৰ কৰিছিল। অৱশ্যে এই সমগ্ৰ ঘটনা পলমকৈ সামাজিক মাধ্যমত পোহৰলৈ আহে।

ইফালে চুবুৰীয়া মহিলাসকলে নিৰ্যাতিতা মহিলাগৰাকীক প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পিছত তেওঁ লাহে লাহে সুস্থ হয় বুলি জানিবলৈ দিয়ে। এই সমগ্ৰ ঘটনাৰ খবৰ লাভ কৰি নিৰ্যাতিতাৰ ওচৰত দেওবাৰে ৰাজ্যিক মহিলা আয়োগৰ দল উপস্থিত হয়। মহিলা আয়োগে আক্ষেপ প্ৰকাশ কৰি কয় যে, উক্ত ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এই ক্ষেত্ৰত নিজাববীয়াকৈ কোনো গোচৰ ৰুজু কৰা নাই। আৰক্ষীৰ এনে ভূমিকাত মহিলা আয়োগে ক্ষোভ প্ৰকাশ কৰে।

GTM Desk

Related