জুৰীয়াৰ আৰক্ষীৰ জালত গভাইত চোৰ বুলবুল হুছেইন

জুৰীয়াৰ আৰক্ষীৰ জালত গভাইত চোৰ বুলবুল হুছেইন

দীৰ্ঘদিন ধৰি গৄহস্থৰ নিদ্ৰাহৰণ কৰি অতিষ্ঠ কৰা এটি গভাইত চোৰ বুলবুল হুচেইনক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ! বুধবাৰে এক গোপন সুত্ৰৰ পমখেদি জুৰীয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অৰ্পন শইকীয়াই কৌশলগত ভাৱে জুৰীয়াৰ উদমাৰীৰ পৰা গভাইত চোৰ বুলবুলক আটক কৰে ! উল্লেখ্য যে, যোৱা সাত অক্টোবৰত নগাঁও ধিং ৰোডৰ এখন মবাইল দোকানৰ চালৰ টিংপাত কাটি নিশা কেইবাটাও মবাইল ছেটৰ লগতে নগদ ধন চুৰি কৰিছিল ! ইতিমধ্যে নগাঁও সদৰ থানাত ৰুজু হোৱা ২৯২৯/১৯ নং গোচৰৰ ভিত্তিত জুৰীয়াৰ আৰক্ষীয়ে মবাইল ট্ৰেকিং কৰি চোৰটোক আটক কৰে ! উল্লেখ্যে যে, চৌৰ্য কাৰ্যত জড়িত বুলবুল আৰু ৰাব্বুল ভাতৄদ্বয়ে উদমাৰী গাঁৱৰ স্হানীয় অপৰাধজনিত কাৰ্যৰ সৈতে জড়িত একাংশ লোকৰ সাহসত এনে দুষ্কাৰ্যৰে সাধাৰণ নাগৰিকৰ নিদ্ৰাহৰণ কৰাৰ অভিযোগ দীৰ্ঘদিনীয়া !

Padum Bhuyan Report GTM

Desk Editor