35.5 C
Assam
Friday, June 9, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

টিম কুকে ভাৰতত খুলিব এপল ষ্ট’ৰ

Assamese Newsটিম কুকে ভাৰতত খুলিব এপল ষ্ট'ৰ

এপলৰ মুখ্য কাৰ্যবাহী বিষয়াই ভাৰতত খুলিব এপল ষ্ট’ৰ । কুকে চীনৰ পিছতেই ভাৰতত এপ’ল ষ্টৰ খোলাৰ সিদ্ধান্ত লৈছে । এই লৈ এপলৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব ।

ভাৰতলৈ আহি বিষয়াগৰাকীয়ে এপলৰ পৰিসৰ বৃদ্ধি কৰিবৰ বাবে কৈনেকৈ ভাৰতৰ বজাৰ দখল কৰিব পাৰি এইসমূহ দিশ নিৰিক্ষণ কৰিব । ভাৰতৰ দুটা স্থানত দুখনকৈ ষ্টৰ মুকলি কৰিব বুলি মঙলবাৰে জনাইছে এপল কতৃপক্ষই । মুম্বাইত ১৮ এপ্ৰিলত আৰু দিল্লীত ২০ এপ্ৰিলত দুখন ষ্টৰ মুকলি হ’ব ।

বান্দ্ৰা কুৰ্লা কমপ্লেক্সৰ এটা আপস্কেল মলৰ ভিতৰত এপলৰ প্ৰথম খন ইণ্ডিয়া ষ্ট’ৰ মুকলি কৰাৰ কুকে দেশখনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে বৈঠকত মিলিত হ’ব বিছাৰিছে । লগতে মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে বজাৰ দখলৰ কৰিবলৈ ভাৰতৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছে । লগতে কু্কে কয় যে ভাৰতৰ ক্ষেত্ৰত মই যথেষ্ট উৎসাহী । কিয়নো ভাৰতীয় এপল বজাৰে প্ৰতিষ্ঠানটোলৈ বছৰে বছৰে ৰাজহ বৃদ্ধিত যথেষ্ট অৰিহনা আগবঢ়াইছে ।

উল্লেখ্য যে প্ৰতিষ্ঠিত কোম্পানীটোৱে ২০২০ চনত প্ৰথমবাৰৰ ভাৰতত অনলাইল ষ্টৰ মুকলি কৰিছিল । এপলৰ স্মাৰ্টফোন মাৰ্কেটৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে ভাৰত হৈছে দ্বিতীয়খন সৰ্ববৃহৎ বজাৰ । চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি সেয়ে দেশখনত কোম্পানীটোৱে দুখনকৈ, ষ্টৰ মুকলিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!