তেণ্ডুলকাৰৰ অভিলেখ ভংগ কৰিলে বিৰাট কোহলীয়ে, এদিনীয়াত ৫০সংখ্যক শতৰান

তেণ্ডুলকাৰৰ অভিলেখ ভংগ কৰিলে বিৰাট কোহলীয়ে, এদিনীয়াত ৫০সংখ্যক শতৰান

এদিনীয়া ক্ৰিকেটত অনন্য অভিলেখৰ গৰাকী হ’ল বিৰাট কোহলী। শচীন তেণ্ডুলকাৰৰ শতৰানৰ অভিলেখ ভংগ কৰিলে কিং কোহলীয়ে। এদিনীয়াত সৰ্বাধিক শতকৰ অভিলেখ বিৰাটৰ।

এদিনীয়া ক্ৰিকেটত বিৰাট কোহলীৰ এয়া ৫০সংখ্যক শতৰান। উল্লেখযোগ্য যে আজি নিউজিলেণ্ডৰ বিৰুদ্ধে বিশ্বকাপ ২০২৩ৰ ছেমি ফাইনেলত এই কৃতিত্বৰ অধিকাৰী হ’ল বিৰাট কোহলী।

আজিৰ খেলখনত শতৰান অৰ্জন কৰি বেটিং কৰি আছে বিৰাট কোহলীয়ে। বিৰাট কোহলীৰ এই অভিলেখৰ লগে লগে শচীন তেণ্ডুলকাৰেও হাত চাপৰিৰে অভিনন্দন জনায় কোহলীক। কোহলীয়েও ক্ৰিকেটৰ ভগৱানক খেলপথাৰৰ পৰাই জনালে প্ৰণিপাত।

GTM Desk

Related