দুধনৈত চাঞ্চল্যকৰ ডকাইতি কাণ্ড, ফ্লিপকাৰ্ট ডেলিভাৰী কেন্দ্ৰত পিষ্টল দেখুৱাই লুটি নিলে কেইবা লক্ষাধিক টকা

দুধনৈত সংঘটিত এক ডকাইতি কাণ্ডই সমগ্ৰ অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰিছে। দুধনৈৰ ডামৰা ৰোডত থকা ইনষ্টাকাৰ্ট ছাৰ্ভিচ প্ৰাইভেট লিমিটেড ( ফ্লিপকাৰ্টৰ)ৰ ডেলিভাৰী কেন্দ্ৰত নিশা সংঘটিত হয় এই ডকাইতি। মুখত মাস্ক পৰিহিত তিনিজনীয়া ডকাইতৰ এটা দলে নিশা অস্ত্ৰ দেখুৱাই কেন্দ্ৰটোৰ পৰা লুট কৰি নিয়ে কেইবা লক্ষাধিক টকা৷ আৰক্ষী কেন্দ্ৰটোত উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে তদন্ত আৰম্ভ কৰিছে৷
ইফালে ডকাইতি কাণ্ড সংঘটিত হোৱাৰ পিছত বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিকক কেন্দ্ৰটোৰ বিষয়ববীয়াই কোনোধৰণৰ সঁহাৰি নিদিয়াৰ লগতে ডকাইতি সংক্ৰান্তীয় কোনো তথ্য জনোৱাৰ পৰা বিৰত থাকে। উক্ত কেন্দ্ৰটোত আৰক্ষীক খবৰ নিদিয়াকৈ কিয় লক্ষাধিক টকা অসুৰক্ষিতভাৱে ৰাখিছিল সেয়াও অতি ৰহস্যজনক।
আনহাতে কেন্দ্ৰটোত আছে কেইবাটাও CCTV কেমেৰা ৷ CCTV ত ডকাইতৰ দৃশ্য বন্দী হৈছে যদিও সেই দৃশ্য সাংবাদিকক প্ৰদান নকৰিলে কেন্দ্ৰটোৰ দায়িত্বত থকা কৰ্মচাৰী–বিষয়াই ৷ এতিয়া আৰক্ষীৰ তদন্তত হে স্পষ্ট হ’ব এই ডকাইতি কাণ্ডৰ লগত কোন জড়িত আছে।