দৰঙৰ দিপীলাৰ গনহত্যাৰ ২৯ বছৰ – Guwahati Times

দৰঙৰ দিপীলাৰ গনহত্যাৰ ২৯ বছৰ

সীমান্ত সুৰক্ষা বাহিনীৰ দ্বাৰা সংঘটিত পশ্চিম দৰঙৰ দিপীলা ৰ গনহত্যাৰ আজি 29 বছৰ । 1991 চনৰ 27জুলাই আজিৰ দিনটো ৰাজ্য বাসিৰ বাবে এক ক’লা দিন হিচাপে চিন্তিত হৈ পৰিছে । এই অভিশপ্ত দিনটোত চৰকাৰী সীমান্ত সুৰক্ষা বাহিনীৰ উগ্ৰপন্থী দমনৰ নামত নীৰিহ লোকৰ ওপৰত বৰ্বৰ ভাৱে নৃশংস অত্যাচাৰ কৰাৰ জলন্ত স্বাক্ষৰ বহন কৰি আহিছে । পৰবৰ্তী সময়ত দিপীলাৰ গণহত্যা বুলি খ্যাত হৈ পৰে । ঐতিহাসিক পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ গনহত্যাৰ পিচত পথৰুঘাট অঞ্চলত চৰকাৰী বাহিনীয়ে চলোৱা দ্বিতীয় বৰ্বৰ নৃশংস হত্য্যাকাণ্ড বুলি একাংশ ই কব খোজে । পাঁচজন নিৰীহ কৃষক, শিক্ষক, চৰকাৰী চাকৰিয়াল, শ্ৰমিকৰ জীৱন থিতাতে স্তব্ধ হৈ যোৱাৰ লগতে কেইবাগৰাকী লোক গুৰুত্বৰ ভাবে আঘাটপ্ৰাপ্ত হৈছিল এই ঘটনাত ।দিপীলাৰ সেই পাঁচজন নিৰ্দোষী ব্যক্তিৰ সজল স্মৃতি আজিও সাজিব হৈ আছে আছুৱে নিৰ্মান কৰা স্মৃতি সৌধত ।আজিৰ পৰা 28 বছৰ আগতে আজিৰ দিনটোটেই বিয়লি ৫-৩০বজাত সন্দেহ যুক্ত আলফাৰ সদস্যই পশ্চিম দৰঙৰ দিপীলাৰ চ’কৰ তেতিয়াৰ হৰৌ কুৰৰ কাঠৰ দলঙ খনত দূৰ নিয়ন্ত্ৰিত ভাবে শক্তিশালী বোমা বিস্ফোৰণ ঘটাই সীমান্ত সুৰক্ষা বাহিনীৰ গাড়ীৰ কনভয়ৰ ওপৰত লক্ষ্য কৰি আক্ৰমন চলাইছিল যদিও কথমপি ৰক্ষা পৰিছিল সুৰক্ষা বাহিনীৰ জোৱান সকল । কিন্ত সেই সময়ত দিপীলাত অস্থায়ীভাৱে চাউনী পাতি থকা বি এছ এফ বাহিনীৰ জোৱান সকলে ঘটনা সংঘটিত হৈ যোৱাৰ তৎমূহুত্বতে অঞ্চলটোৰ নিৰিহ গঞাৰ ওপৰত জপিয়াই পৰিছিল । বি এছ এফৰ যোৱান সকলে ওচৰৰে গাঁও সমূহৰ নিৰপৰাধী আবাল বৃদ্ধা বনিতাৰ ওপৰত অবৰ্ণনীয় অত্যাচাৰ- উৎপীড়ন চলোৱাতেই ক্ষান্ত নাথাকি উন্মত্ত জোৱানে পথাৰত ঘাঁহ কাটি থকা কৃষক,টিউচন কৰি থকা শিক্ষক, ঘৰৰ কাম কৰি থকা ৰাজমিস্ত্ৰীকে ধৰি কেইবাজনো নিৰিহ লোকক ধৰি আনি বোকা পানি আৰু ধাননি পথাৰত দলবদ্ধ ভাৱে দৌৰিবলৈ নিৰ্দেশ দিছিল ।প্ৰানৰ মমতাত যিয়ে যেনেকৈ পাৰে দৌৰিবলৈ ধৰোতেই পিছফালৰ পৰা ধাৰাসাৰ গুলিবৰ্ষণ কৰাত ঘটনাস্থলিতে টিউচন কৰি থকা শিক্ষক গনেশ ডেকা, মিস্ত্ৰী কাম কৰি থকা চন্দ্ৰ বৰুৱা, ভাড়াতীয়া হিচাপে থকা হস্ততাঁত- বয়ন শিল্প বিভাগৰ কৰ্মচাৰী কৰুণা কলিতা, কমাৰগাঁৱৰ কৃষক কেশৱ চন্দ্ৰ ডেকা, আৰু কমাৰগাঁৱৰ যুৱক প্ৰমোদ কলিতা ঠিতাতে নিহত হৈছিল লগতে কেইবাগৰাকী লোক গুৰুতৰ ভাবে আহত হৈছিল । আহত কৃষক গিৰিন কলিতাই আজি ২8 বছৰে বাও ভৰিৰ কৰঙনত বুলেটৰ টুকুৰা লৈয়ে জীৱন যুদ্ধ চলাই আহিছে । এই বৰ্বৰ ঘটনাৰ পিছৰ সময়ত সংযুক্ত মুক্তি বাহিনী (আলফা) য়ে। 27 জুলাই ৰ দিনটো শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছে । আজি নিহত লোকসকলৰ পৰিয়ালৰ উদ্যোগত
নিহত সকলৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰে ।বন্তি প্ৰজ্বলন আৰু পুস্পাঞ্জলি অৰ্পনেৰে শ্ৰদ্ধাঞ্জলি জনোৱা অনুস্থান টোত বন্তি প্ৰজ্বলন কৰে শিক্ষক মদন ডেকা ই,আনহাতে নিহত পৰিয়ালৰ সদস্য সকলৰ লগতে সংযুক্ত আলোচনা পন্থী ৰ প্ৰাক্তন আলফাঐক মঞ্চ দৰংজিলা সমিতিৰ সভাপতি বিনয় বৰুৱা, পশ্চিম দৰং প্ৰেছ ক্লাৱৰ সভাপতি জয়ন্ত কাকতি, আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক অৰূপ কলিতা আদিয়ে অংশ গ্ৰহন কৰে । ৰাতি পুৱা 10-00বজাত অনুস্থিত হয় অনূষ্ঠাটো ।
উল্লেখযোগ্য যে যোৱা বছৰ সংযুক্ত মুক্তি বাহিনী অসমৰ আলোচনা পন্থী ৰ উদ্যোগত আলফাই ঘোষনা কৰা পঞ্চ শ্বহীদৰ স্মৃতি স্তম্ভ ত কেন্দ্ৰীয় ভাৱে শ্বহীদ দিৱস পালন কৰি আলফা ৰ সভাপতি অৰবিন্দ ৰাজখোৱা ই অনুপ চেতিয়া, অধিবক্তা নেকিবুৰ জামান, অধিপ ফুকন ৰ লগতে স্থানীয় ৰাইজৰ উপস্থিত পাঁচ গৰাকী নিহত ব্যক্তিৰ নামত স্থায়ী স্মৃতি সৌধ নিৰ্মান কৰিবলৈ আধাৰ শিলা স্থাপন কৰিছিল কিন্তু বিগত এটা বছৰে ইয়াৰ নিৰ্মান কাৰ্য আৰম্ভ নোহোৱাত একাংশ ৰাইজ ক্ষোভিত হৈ পৰিছে।

Leave a Reply

Your e-mail address will not be published. Required fields are marked *

error: Content is protected !!