December 6, 2021

নগাঁওত নিৰ্বাচন কেন্দ্ৰীক অভিযোগ- প্ৰতিভিযোগ৷

সমগ্ৰ ৰাজ্যৰ লগতে অভিযোগ প্ৰতিভিযোগেৰে উত্তাল হৈ আছে পঞ্চায়ত নিৰ্বাচনৰ বাবে নগাঁও জিলা ৷ এগৰাকী মহিলাই অগপ দলৰ সভাত অংশগ্ৰহণ নকৰাৰ বাবে ফক্কৰউদ্দিন নামৰ এজন অগপ নেতাই ভাড়াতীয়া গুণ্ডা কাচেম আলিক লগাই প্ৰহাৰ কৰা বুলি অভিযোগ তুলি নগাঁও সদৰ আৰক্ষী চকীত এক গোচৰ তৰে৷অন্যহাতে ড্ৰাগচ্ আসক্ত মহিলা গৰাকীৰ দ্বাৰা কোনো ৰাজনৈতিক ব্যক্তিয়ে আৰু বৰ্তমানৰ এগৰাকী পঞ্চায়তৰ প্ৰাৰ্থীয়ে উদ্দেশ্যপ্ৰনোদিত ভাৱে ষড়যন্ত্ৰ কৰি এই অভিযোগৰ চক্ৰান্ত কৰিছে বুলি ফক্কৰউদ্দিনে প্ৰতিভিযোগ কৰিছে৷ লগতে জিলা প্ৰশাসনক বিষয়টো উচিত তদন্ত কৰিবৰ বাবে আহ্বান জনাইছে৷ এক কথাত কবলৈ গলে এনেকৈয়ে অভিযোগ – প্ৰতিভিযোগৰে আজি গৰম বতাহ বলিচে সমগ্ৰ ৰাজ্যৰ লগতে নগাওঁ জিলাত।

নগাঁওৰ পৰা আদিল শ্বাহৰ ৰিৰ্পট, গুৱাহাটী টাইমচ।

error: Content is protected !!
%d bloggers like this: