কৰ্মসূত্ৰে দক্ষিণ ভাৰতৰ তেলেংগানাত বসবাস কৰা দিপ্তী হাজৰিকা(৪১) নামৰ এগৰাকী মহিলাই হায়দৰাবাদৰ এখন চিকিৎসায়ত কোভিড–১৯ত আক্ৰান্ত হৈ মৃত্যুক সাবটি লোৱা ঘটনাই নগাঁৱত আজি শোকৰ ছাঁ পৰিছে। নগাঁও চহৰৰ সমীপবৰ্তী ৰণথলী গাঁৱৰ বাসিন্দা ধৰ্মেন্দ্ৰ হাজৰিকাৰ পত্নী তথা দুটি কন্যা সন্তান আৰু এটি পুত্ৰ সন্তানৰ মাতৃ দিপ্তী হাজৰিকা বিগত চাৰিদিন ধৰি কোভিড–১৯ত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল।জানিবপৰা মতে, বিগত কেইবাবছৰ ধৰি ধৰ্মেন্দ্ৰ হাজৰিকাই পত্নী দিপ্তী হাজৰিকা আৰু তিনি সন্তানৰ সৈতে সুদুৰ তেলেংগানাত বাস কৰিছিল। কিন্তু যোৱা পাঁচ দিন পূৰ্বে ধৰ্মেন্দ্ৰ হাজৰিকাৰ পৰিয়ালটো হথ্যৎ জ্বৰ-কাঁহত ভুগে আৰু ইয়াৰ পাছতে তেলেংগানা স্বাস্থ্য বিভাগে ৰেপিড এণ্টিজেন টেষ্টৰ জৰিয়তে ধৰ্মেন্দ্ৰ আৰু দিপ্তীৰ দেহত কোভিড–১৯ৰ সংক্ৰমণ ধৰা পেলায়। দুয়োৰে স্বাস্থ্যৰ অৱস্থা সুস্থিৰ হোৱাত চিকিৎসকে তেওঁলোকক হোম আইছ’লেচনত থকাৰ পৰামৰ্শ দিয়ে। কিন্তু যোৱা ১৭ এপ্ৰিলৰ বিয়লিৰ পৰা দিপ্তীৰ স্বাস্থ্যৰ অৱস্থা ক্ৰমাৎ বেয়ালৈ ঢাল খোৱাত তেওঁক ততাতৈয়াকৈ হায়দৰাবাদৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হয়। অৱশেষত কালি নিশা চিকিৎসালয় কৰ্তৃপক্ষই দিপ্তীয়ে মৃত্যুৰ ওচৰত হাৰ মানিবলৈ বাধ্য হয়। চিকিৎসালয় কতৃপক্ষই দিপ্তী ইহসংসাৰত নাই বুলি পৰিয়ালক ফোনযোগে অৱগত কৰে।ইপিনে দিপ্তীৰ স্বামী আৰু তিনি সন্তান কোৱাৰেণ্টাইন হৈ থকাৰ বাবে মাতৃক অন্তিম মুহুৰ্ততো চোৱাৰ সুযোগ নাপালে। পৰিয়ালৰ অনুপস্থিতিতেই দিপ্তীৰ অন্তিম সৎকাৰ কৰে তেলেংগানা চৰকাৰ প্ৰশাসনে। আজি পুৱা এই খবৰ লাভ কৰাৰ লগে লগে শোকত ভাগি পৰে নগাঁৱৰ ৰণথলীৰ ৰাইজ। উল্লেখযোগ্য যে, দিপ্তী তেলেংগানাৰ এখন বিউটি পাৰ্লাৰত কৰ্মৰত হৈ আছিল।