নলবাৰীত আধাৰশিলা হল পিছে দলঙ হলে নিৰ্মাণ নহল |

বাৰিষা আহিলেই ৰাস্তাঘাটৰ সমস্যাই লগ নেৰে নলবাৰী জিলাৰ বৰটাৰী হাৰিভংগা অঞ্চলৰ ৰাইজক। বাট পথৰ সমস্যাৰ বাবে অঞ্চলটোৰ ৰাইজে যমৰ যাতনা ভূগি আহিছে। ইপিনে চৰকাৰীভাৱে যাবতীয় ব্যবস্থা আগবাঢ়িলেও কামতহে হয় পয়মাল। নলবাৰী জিলাৰ হাৰিভাঙ্গাৰ সমীপৰ বৰটাৰী-বৰপীত পথৰ ওপৰত আৰ চি চিৰ দলং নিৰ্মাণৰ আধাৰশিলা কৰাৰ তিনি মাহ অতিক্ৰম কৰাৰ পিছতো এতিয়ালৈ দলং নিৰ্মাণৰ নামত এটুকুৰা শিলো নপৰাত অঞ্চলজুৰি ৰাইজ ক্ষুদ্ধ হৈ পৰিছে। সুদীৰ্ঘ দিন ধৰি পাটাছাৰকুছি সমষ্টিৰ নিচেই সমীপৱৰ্তী বৰমা সমষ্টিৰ অন্তৰ্গত বৰটাৰী-বৰপীট পথৰ ওপৰত জৰাজীৰ্ণ বাঁহৰ সাঁকোৰে ৰাইজে যাতায়ত কৰি নৰক-যন্ত্ৰনা ভোগ কৰি আহিছে। বিভাগীয়ভাৱে বিভিন্ন আবেদন নিবেদন কৰাৰ পিছত স্থানীয় বিধায়ক মনেশ্বৰ ব্ৰহ্মই চলিত বৰ্ষৰ ২৯ জানুৱাৰীত ২০১৮-১৯ বিত্তীয় বৰ্ষৰ ‘মহাবীৰ লাচিত চিলাৰায় সেঁতু নিৰ্মাণ আচনি’ৰ অধীনত বৰটাৰী-বৰপীত পথৰ ওপৰত ২১/১ নং পকী দলং(আৰ চি চি) নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছিল৷ কিন্তু আধাৰশিলা হ’ল ঠিকেই। পিছে দলং নিৰ্মাণৰ কামেই আৰম্ভ নহ’ল। যাৰ ফলত ক্ষুদ্ধ হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজ। গতিকে স্থানীয় ৰাইজে শীঘ্ৰেই দলঙৰ কাম সম্পূৰ্ণ কৰিবলৈ আহবান জনাইছে বিভাগীয়ভাৱে।

Staff Report-GTM

Leave a Reply

Your e-mail address will not be published. Required fields are marked *

error: Content is protected !!