fbpx
October 21, 2021

পাথৰিঘাট পন্চায়তৰ সভাপতিৰ বি জে পিত যোগদান ।দেশৰ স্বাধীনতাৰ দীৰ্ঘদিনৰ পিচত পন্চায়ত খনত গেৰুৱা দলটোৰ খোপনি ।

ভাৰতীয় জনতা পাৰ্টিৰ পাথৰিঘাট মণ্ডল সমিতিৰ কায্যালয়ত আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলৰ পৰা কেইবাগৰাকীও কৰ্মীয়ে বিজেপি দলত যোগদান কৰিলে ।
পাথৰিঘাট মণ্ডলৰ বিজেপিৰ সভাপতি হৰেণ ডেকা, দৰং জিলা পৰিষদৰ সভাপতি ধীৰেন্দ্ৰ ডেকা, পাথৰিঘাট মণ্ডল যুৱ মৰ্চাৰ সভাপতি ভূষণ চন্দ্ৰ ডেকাৰ লগতে দলীয় নেতৃতবৃন্দৰ উপস্হিতিত পন্চায়ত খনৰ কংগ্ৰছ দলৰ সভানেত্ৰি বিনু ডেকাই আন এজন ৱাৰ্ড সদস্য আৰু কেবাজনো দলীয় কৰ্মিক লগত লৈ বি জে পি দলটোৰ সদস্য ভৰ্তীৰ অন্তিম দিনটোত আনুস্থানিক ভাৱে যোগদান কৰে ।
।পথৰিঘাট মন্দল বিজেপিৰ কাৰ্যালয়ত দলটোৰ নেতৃত্বই আটাইকেইজনকে ফুলাম গামোছা আৰু দলীয় পতাকাৰে আদৰণি জনায় ।

সভানেত্ৰি বিনু ডেকাৰ লগতে বিজেপি দলটোত পিপিৰাকুছি গাঁৱৰ ৱাৰ্ড সদস্য আব্দুল হাচিবৰ ৰহমান,আৰু কংগ্ৰছ কৰ্মী ৰামৰাইপাৰা গাঁৱৰ মমদুল ইছলাম আহমেদ, ১নং চেঙাপাৰা গাঁৱৰ হেমচন্দ্ৰ ডেকা, বৰকুমাৰপাৰা গাঁৱৰ মহিদুল হক আৰু বৰপথাৰৰ গাৱৰ ৰমেশ ডেকাই যোগদান কৰে ।উল্লেখ যোগ্য যে কংগ্ৰেছ দলটোৱে সংখা গৰিস্থতাৰে বিগত কাৰ্যকাল বোৰত পন্চায়ত খনত শাসন চলাই আহিছিল ।সভাপতি বিনু ডেকাই সদস্য সহ সেহতীয়া ভাৱে বিজেপিত যোগদান কৰাত পন্চায়ত খনত এতিয়া বিজেপি দলটোৱে সংখ্যা গৰিষ্ঠতা অৰ্জন কৰিবলৈ এখোজ আগ বাঢ়িল ।

কণ আলি হাজৰিকাৰ ৰিপোৰ্ট
গুৱাহাটী টাইমচ্

error: Content is protected !!
%d bloggers like this: