প্ৰধানমন্ত্ৰীৰ আগমণৰ পূৰ্বে বিজেপি সভাপতিক মাজনিশা চোচৰাই নিলে আৰক্ষীয়ে…

প্ৰধানমন্ত্ৰীৰ আগমণৰ পূৰ্বে বিজেপি সভাপতিক মাজনিশা চোচৰাই নিলে আৰক্ষীয়ে…

অহা ৮ এপ্ৰিলত তেলেংগানা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। সেই দিনাই তেলেংগানাত বন্দে ভাৰত এক্সপ্ৰেছ ৰাইজৰ সেৱাৰ বাবে মুকলি কৰিব। সমান্তৰালকৈ আন কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।

কিন্তু প্ৰধানমন্ত্ৰীগৰাকীৰ আগমণৰ পূৰ্বে নিশা হঠাৎ বিজেপিৰ সভাপতি তথা সাংসদ বান্দি সঞ্জয় কুমাৰক তেওঁৰ কৰিমনহৰস্থিত বাসগৃহৰ পৰা আৰক্ষীয়ে আটক কৰে। সেই সময়ত তেওঁৰ গৃহত উপস্থিত আছিল বিজেপি কৰ্মীৰ লগতে তেওঁৰ সমৰ্থকসকল। ফলত তেওঁলোকে আৰক্ষীক বাধা দিয়াত সৃষ্টি হয় এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ।

বান্দি সঞ্জয় কুমাৰক এইদৰে আটক কৰা কাৰ্যক ৰাজ্যিক বিজেপিৰ নেতৃত্বই অবৈধ আখ্যা দিছে। তেওঁলোকৰ মতে তেলেংগানা আৰক্ষীয়ে অবৈধ ভাৱে আৰু প্ৰধানমন্ত্ৰীৰ তেলেংগানা ভ্ৰমণসূচীত ব্যাঘাত জন্মাবলৈ এইদৰে আটক কৰা হৈছে। তেওঁলোকৰ মতে প্ৰশ্ন কাকত ফাদিল সন্দৰ্ভত ৰাজ্যিক বিজেপি নেতৃত্বই কেচিআৰ চৰকাৰৰ বিৰুদ্ধে মাত মতাৰ বাবেই তেওঁলোকৰ মুখ বন্ধ কৰিবলৈ এইদৰে অপচেষ্টা কৰা হৈছে।

 

GTM Desk

Related