fbpx

বিজেপি–অগপৰ ১৮ বিধায়কে হেৰুৱাব সমষ্টি

বিধানসভা নির্বাচনৰ দিন ঘোষণাৰ পাছতেই শাসনাধিষ্ঠিত বিজেপিত আৰম্ভ হৈছে প্রার্থিত্বকেন্দ্রিক চর্চা৷ এইবাৰ ১০০+ আসন দখলৰ লক্ষ্যৰে ব্যাপক প্রস্তুতি চলোৱা ৰাজ্যিক বিজেপিৰ লক্ষ্য এককভাৱে সংখ্যাগৰিষ্ঠতা লাভ কৰা৷ মিত্রদল অগপ আৰু ইউ পি পি এলক লগত লৈ নির্বাচনী যুঁজত যদিও অৱতীর্ণ হ’ব, শাসকীয় দলটোৰ মূল লক্ষ্য হ’ব অকলেই একক সংখ্যাগৰিষ্ঠতা অর্জন কৰা৷ এই উদ্দেশ্যে এইবাৰ প্রার্থী প্রক্ষেপৰ ক্ষেত্রত যথেষ্ট সাৱধানতা অৱলম্বন কৰিব বিজেপিয়ে৷ জয়ৰ নিশ্চিত সম্ভাৱনা থকা প্রার্থীকহে টিকট দিয়া হ’ব বুলি ইতিমধ্যে ৰাজ্যিক বিজেপি নেতৃত্বই মুকলিকৈ ঘোষণা কৰিছে৷ ফলত উজনি আৰু মধ্য অসমত বিজেপিৰ বহু বিধায়কৰ প্রার্থিত্ব সলনিৰ সম্ভাৱনাই দেখা দিছে৷ একমাত্র বিজেপিয়েই নহয়, মিত্রদল অগপয়ো এইবাৰ সলনি কৰিব পাৰে একাধিক সমষ্টিত প্রার্থিত্ব৷

আসন বুজাবুজিক লৈ অগপ আৰু বিজেপিৰ মাজত এতিয়ালৈ আনুষ্ঠানিক বৈঠক অনুষ্ঠিত হোৱা নাই যদিও আজি উভয় দলে এক বৈঠকৰ জৰিয়তে প্রথম পর্যায়ত নির্বাচনৰ ৪৭খন আসনৰ বাবে বুজাবুজি সম্পন্ন কৰিব পাৰে৷

মন কৰিবলগীয়া যে ৰাজ্যিক বিজেপিত এইবাৰ সর্বাধিক হাৰত প্রার্থিত্ব সলনিক লৈ চলিছে চর্চা৷ বিশেষকৈ উজনিৰ কেইবাটাও সমষ্টিত কেইবাগৰাকীও বিধায়কৰ প্রার্থিত্ব সলনিৰ সম্ভাৱনাৰ সমান্তৰালকৈ দলৰ ভিতৰতে আৰম্ভ হৈছে প্রার্থিত্বকেন্দ্রিক যুঁজ৷ উজনিৰ মার্ঘেৰিটা, ডিগবৈ, ডিব্রুগড়, মৰাণ, যোৰহাট, তিনিচুকীয়া, সোণাৰি আৰু বৰছলাত বর্তমানৰ বিধায়কৰ বিপৰীতে কেইবাখনো নতুন মুখে প্রার্থিত্ব বিচাৰিছে৷ বিশেষকৈ মার্ঘেৰিটাৰ বিজেপি বিধায়ক ভাস্কৰ শর্মাৰ বিৰুদ্ধে এইবাৰ প্রার্থিত্বৰ দাবী তুলিছে প্রাক্তন আটাছু নেতা তথা বিজেপিৰ মুখপাত্র লক্ষ্য কোঁৱৰ আৰু পৱিত্র মার্ঘেৰিটাই৷ শদিয়াতো বর্তমানৰ বিধায়ক বলীন চেতিয়াৰ বিৰুদ্ধে প্রার্থিত্বৰ দাবী কৰিছে জিলা সভাপতি যুধিষ্ঠিৰ গগৈ আৰু জিলা পৰিষদৰ সভাপতি ললিত মৰাণে৷ এনে অৱস্থাত এই দুয়োটা সমষ্টিত প্রার্থিত্ব সলনিৰ সম্ভাৱনাক লৈও দলত আৰম্ভ হৈছে পর্যালোচনা৷ একেদৰে ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকনৰ পৰিৱর্তে এইবাৰ সমষ্টিটোত প্রার্থিত্ব লাভৰ সম্ভাৱনা উজ্জ্বল হৈছে মৰাণ ছাত্র সন্থাৰ নেতা অৰুণ মৰাণৰ৷ ডিব্রুগড় সমষ্টিক তিনিবাৰকৈ প্রতিনিধিত্ব কৰা বিধায়ক প্রশান্ত ফুকনৰ বিৰুদ্ধে এইবাৰ গঢ়ি উঠিছে ব্যাপক প্রতিষ্ঠানবিৰোধী ঢৌ৷ যাৰ বাবে এইবাৰ ডিব্রুগড়ত প্রার্থিত্ব সলনিৰ সম্ভাৱনা আছে৷ সমষ্টিটোত এইবাৰ টিকটৰ দাবীদাৰ হ’ল আছুৰ প্রাক্তন নেতা উজ্জ্বল ফুকন আৰু বিজেপিৰ জ্যেষ্ঠ নেত্রী ড০ হেমলতা বৰঠাকুৰ৷ মৰাণ সমষ্টিত বিধায়ক চক্র গগৈৰ প্রার্থিত্বৰ সম্ভাৱনা এইবাৰ যথেষ্ট ক্ষীণ হোৱা দেখা গৈছে৷ সমষ্টিটো অক্ষুণ্ণ ৰখাৰ বাবে এইবাৰ বিজেপিয়ে দলৰ মুখপাত্র সুভাষ দত্ত অথবা দলৰ নেতা দয়ানন্দ বৰগোহাঁইক প্রক্ষেপ কৰাৰো সম্ভাৱনা আছে৷

Source- Niyomiabarta

error: Content is protected !!
%d bloggers like this: