38.8 C
Assam
Monday, June 5, 2023

Featured News

নগাঁও-মৰিগাঁও পথৰ বৰভগীয়াত “অগৌৰা ৰিজ’ৰ্ট” মুকলি

নিউজ ব্যুৰ',নগাঁও,১জুন:-নগাঁও-মৰিগাঁও সংযোগী গড়কাপ্টানী পথৰ বৰভগীয়াত মুকলি...

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা!

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা দুখন বাছৰ মাজত সংঘৰ্ষ 27...

টীয়কত আছুৰ অনশন কাৰ্যসূচী l

  টীয়কৰ প্ৰতিবেদক ৩১ মে/২৩ সমগ্ৰ অসমৰ লগতে টীয়কতো...

যিকোনো এটা শনিবাৰে এই কামকেইটা কৰক , জীৱনত উন্নতি হ’ব

Assamese Newsযিকোনো এটা শনিবাৰে এই কামকেইটা কৰক , জীৱনত উন্নতি হ'ব

শনিবাৰৰ দিনটো হৈছে, শণিদেৱক পূজা কৰাৰ দিন আৰু লগতে শনিবাৰে ৰাম ভক্ত বীৰ হনুমানক পূজা অৰ্চনা কৰা হয়।( Religious Studies )

সেয়ে শনিবাৰৰ দিনটোত এনে কিছুমান কাম কৰিব লাগে, যিবোৰ কামৰ দ্বাৰা বীৰ হনুমান আৰু শণিদেৱ প্ৰসন্ন হয়। এই দুজন দেৱতাক সন্তোষ কৰি ৰাখিব পাৰিলে, কোনো অসুবিধাৰ সন্মুখীন হব লগা নহয় আৰু ঘৰখনলৈ কোনো ধৰণৰ বাধা বিঘিনি আহিব নোৱাৰে।

এই কাম যিকোনো এটা শনিবাৰে কৰিলে অধিক ফল পোৱা যায়। তেতিয়া এওঁলোকৰ কৃপা দৃষ্টি আপোনালোকৰ ওপৰত নিশ্চয় থাকিব।

১.প্ৰত্যেক শনিবাৰৰ দিনা কাউৰীক যি পাৰে খাবলৈ দিয়ক। এনে কৰিলে শণিদেৱ সন্তোষ হয়। ইয়াৰ ফলত জীৱনৰ দুখ কষ্ট দূৰ হয়।

২. শণিবাৰে, তিল এমুঠি হাতত লৈ, শণিদেৱক স্মৰণ কৰি, ঔঁ শণিচায়ে নমঃ এই মন্ত্রটি ৩ বাৰ মনতে উচ্চাৰণ কৰি নদীত বা পুখুৰীত পেলাই দিয়ক। এনে কৰিলে অত্যন্ত মংগল হয়। লগতে আৰ্থিক ক্ষেত্রত থকা যিকোনো বাধা লাহে লাহে দূৰ হ’বলৈ ধৰে। (Religious Studies )

৩. শনিবাৰৰ দিনটোত অসহায় লোকক, আৰ্থিক ভাৱে যি পাৰে সহায় কৰক। আৰু অন্ন ভোজন কৰিবলৈ দিয়ক। এনে কৰিলে শণিদেৱ সন্তোষ হয় আৰু লগতে বীৰ হনুমানৰ কৃপা আপোনাৰ ওপৰত থাকিব।

৪. শনিবাৰৰ দিনটোত ঘৰলৈ মগনীয়া আহিলে, খালী হাতেৰে বিদায় নিদিব। কিবা নহয় কিবা এটা দান কৰিহে বিদায় দিব। শনিবাৰৰ দিনা কিবা দান কৰিলে, ভাগ্য সলনি কৰাত সহায় কৰে।

৫. শণিৰ মহা দশাৰ পৰা মুক্তি পাবলৈ হ’লে, শণিবাৰৰ দিনটো হনুমানৰ ওপৰত অৰ্পণ কৰিব লাগে আৰু সন্ধ্যা হনুমান চালিচা পাঠ কৰিলে, সকলো বাধা বিঘিনি দূৰ হয়। ঘৰখনলৈ ইতিবাচক শক্তিৰ আগমন হয়।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!