25.1 C
Assam
Sunday, June 11, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

লংৰ ঔষধি গুণ জানো আহক

Assamese Newsলংৰ ঔষধি গুণ জানো আহক

আমাৰ দৈনন্দিন জীৱনত বিভিন্ন মছলা আমি ব্যৱহাৰ কৰোঁ। এই মছলাবোৰে খাদ্য সোৱাদ যুক্ত কৰাৰ লগতে মছলাবোৰত থকা ঔষধি গুণে শৰীৰৰ বিভিন্ন উপকাৰ সাধন কৰে। তেনেধৰণৰ এবিধ ঔষধি গুণেৰে সমৃদ্ধ মছলা হৈছে লং। ( Assamese Fact )

লংৰ সোৱাদ জ্বলা। লং গছ ৩০ পৰা ৪০ ফুট পৰ্যন্ত ওখ হয়। বৰষুণ বেছি হোৱা ঠাইত লং গছ হয়। লং গছত থূপ খায় কলি লাগে। কলিবোৰৰ পৰা ফুল হয়। ফুল নুফুলোঁতেই বাকলিবোৰ ছাত শুকোৱা হয়। লং গছত বছৰত দুবাৰ অৰ্থাৎ ৬মাহৰ মূৰে মূৰে কলি লাগে।

লং ব্যৱহাৰ কৰিলে খাদ্য বস্তু সোৱাদ যুক্ত হোৱাৰ লগতে সুগন্ধিও হয়। লংৰ কিছুমান ঔষধি গুণ আছে।( Assamese Fact ) সেয়া হৈছে-

১) বৰ্তমান সকলো বস্তুতে দৰৱ দিয়াৰ বাবে মানুহৰ গেছৰ সমস্যা যথেষ্ট পৰিমাণে হয় এনে অৱস্থাত বায়ু হলে, লং খালে বহু পৰিমাণে আৰাম পোৱা যায়।

২) সকলো মানুহে জুটি লগাই খাদ্য বনায় আৰু খায় ভাল পায় । তেনে অৱস্থাত লঙে ৰুচি বঢ়াই আৰু হজম কৰে। সেয়ে সদায় এটা লং খালে তেনেধৰণৰ অসুবিধাৰ পৰা হাত সাৰিব পাৰি। লং চাহত দি খালেও যথেষ্ট সোৱাদ আহে।

৩) বিশেষকৈ সৰু লৰা-ছোৱালীবোৰে চকলেট, কেন্দী ,মিঠাই আদি খোৱাৰ ফলত দাঁতৰ বিষৰ সমস্যাত ভুগিব লগা হয় । এনে অৱস্থাত বিষোৱা দাঁতত অলপ সময় লং লগাই ৰাখিলে বিষ কমে।

৪) কাঁহ হলে লং বটি খালে, নাইবা গৰম পানীত লং উতলাই কুল কুল কৰিলে কাঁহ কমে।

৫) ক্ষয়ৰোগত আক্রান্ত ব্যক্তিৰ বাবেও লং উপকাৰী।

৬) মুখৰ পৰা দুৰ্গন্ধ ওলোৱাটো এটা বহুত ডাঙৰ সমস্যা । এই সমস্যাটোৱে মানুহক বহুতো লজ্জাজনক পৰিস্হিতিত পেলায়। মুখৰ দুৰ্গন্ধ ওলোৱা এই সমস্যাটো লং খালে বহু পৰিমাণে ভাল হয়।

৭) পিত্ত ৰোগতো লং ব্যৱহাৰ কৰিলে, সুফল পোৱা যায়।

৮) আপুনি নিশ্চয় মন কৰিছে মানুহৰ সন্মুখত হিকটি আহিলে সোনকালে ভুলতো ভাল নহয়। এনেদৰে অনবৰতে হিকটি আহি থকা সময়ছোৱাত লং যথেষ্ট উপকাৰী।

বিঃদ্রঃ এই আর্টিকেলটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়িবলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ গ্রহণ কৰক ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!