25.4 C
Assam
Saturday, June 10, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

২০১৯ চনত কামাখ্যা মন্দিৰত সংঘটিত লোমহৰ্ষক ঘটনা আছিল অন্ধবিশ্বাসৰ চূড়ান্ত পৰিণাম

Assamese News২০১৯ চনত কামাখ্যা মন্দিৰত সংঘটিত লোমহৰ্ষক ঘটনা আছিল অন্ধবিশ্বাসৰ চূড়ান্ত পৰিণাম

২০১৯ চনত কি হৈছিল?

অম্বুবাচী মেলা আৰম্ভ হোৱাৰ এদিন আগেয়ে গুৱাহাটীৰ কামাখ্যা মন্দিৰ (Kamakhya Temple)ত উদ্ধাৰ হৈছিল এগৰাকী মহিলাৰ মুণ্ডহীন মৃতদেহ। এয়া ২০১৯ চনৰ জুন মাহৰ ঘটনা। মৃতদেহটো উদ্ধাৰ হোৱাৰ পিছতে অঞ্চলটোৰ লগতে ৰাজ্যজুৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। যিহেতু এয়া মুণ্ডহীন মৃতদেহ আছিল, আৰু মৃতদেহৰ কাষত জ্বলি আছিল এগছি চাকি, গতিকে সন্দেহ কৰা হৈছিল যে কোনো অন্ধবিশ্বাসী লোকে মহিলাগৰাকীক ‘বলি’ (Human sacrifice) দিয়াৰ নামত হত্যা কৰিছিল।

মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই (CPC Diganta Bora) আজি এই ঘটনাৰ তদন্তৰ অন্তত সংবাদমেল যোগে প্ৰকাশ কৰে যে এই হত্যাকাণ্ড ‘নলবলি’ আছিল। এই ঘটনা সন্দৰ্ভত ৫জন লোকক গ্ৰেপ্তাৰ কৰা হয়। মুণ্ডহীন মৃতদেহ উদ্ধাৰ হোৱা মহিলাগৰাকীৰ নাম আছিল শান্তি শ্ব। মহিলাগৰাকীৰ ঘৰ পশ্চিমবংগৰ হুগলিৰ তাঁতীপাৰাত আছিল। তেওঁৰ পুত্ৰই চিনাক্ত কৰিছিল মহিলাগৰাকীক।

আৰক্ষীয়ে কিদৰে আগবাঢ়িছিল তদন্তত?

বিগত এমাহে ধাৰাবাহিকভাৱে অসম আৰক্ষীয়ে চলাইছিল এই অভিযান। প্ৰথমটো ক্লু লাভ কৰিছিল কোচবিহাৰত। কোচবিহাৰৰ শীতলাকুছিৰ এটা ঘৰত চলাইছিল অভিযান। অভিযানৰ সময়ত এখন মোনাত উদ্ধাৰ হৈছিল শান্তি শ্বৰ কাপোৰ, উদ্ধাৰ হৈছিল তেওঁৰ আধাৰকাৰ্ডো।

শীতলাকুছিত কৈলাস বৰ্মনৰ ঘৰত উদ্ধাৰ হৈছিল এই সামগ্ৰী। বৰ্মনে এগৰাকী বাবাই এই সামগ্ৰীখিনি তেওঁৰ তাত থোৱা বুলি স্বীকাৰোক্তি দিয়ে। এই বাবাজনৰ নাম আছিল মাতাপ্ৰসাদ পাণ্ডে ওৰফে মাতেশ্বৰ গিৰি। ঘটনা সংঘটিত কৰি অম্বুবাচী মেলা (Ambubachi Mela)ৰ পৰা উভতি গৈ কৈলাসৰ ঘৰত থৈছিল মোনাখন।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!