অভিনেত্রী চুমী বৰা পলাতক! মহাপ্ৰৱঞ্চক বিশাল ফুকনক আটক কৰাৰ পাছতেই অন্তর্ধান চুমী বৰা

অভিনেত্রী চুমী বৰা পলাতক! মহাপ্ৰৱঞ্চক বিশাল ফুকনক আটক কৰাৰ পাছতেই অন্তর্ধান চুমী বৰা

মানী ট্ৰেডিঙৰ নামত কোটি কোটি টকাৰ প্ৰৱঞ্চনা কৰাৰ অভিযোগ উঠা বিশাল ফুকনক গ্ৰেপ্তাৰৰ পিছতে নিশা অভিনেত্ৰী-নৃত্যশিল্পী চুমী বৰাক বিচাৰি অভিযান চলায় মহানগৰ আৰক্ষীয়ে। গুৱাহাটীৰ বেলতলাৰ ফ্লেটত আৰক্ষীয়ে চলাইছিল অভিযান। কিন্তু আৰক্ষীৰ অভিযানৰ সময়ত ফ্লেটত নাছিল চুমী বৰা।

বৰ্তমান চুমী বৰাৰ ম’বাই ফোন চুইছ অফ আছে বুলি জানিব পৰা গৈছে। সম্পৰ্কীয় ভাতৃ বিশাল ফুকন গ্ৰেপ্তাৰ হোৱাৰ পিছতে চুমী বৰাই পলায়ন কৰাৰ সন্দেহ কৰা হৈছে।

উল্লেখযোগ্য যে চুমী বৰাৰ সম্পৰ্কীয় ভাতৃ বিশাল ফুকন। অভিযোগ অনুসৰি, চুমীৰ বৰাৰ ৰাজস্থানত পতা ডেষ্টিনেচন ৱেডিঙত পানীৰ দৰে টকা খৰচ কৰিছিল বিশাল ফুকনে। ডুবাইত লাখ লাখ টকাৰে বিলাসী হোটেল বুক কৰি দিছিল বিশাল ফুকনেই। সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, চুমী বৰাৰ ডেষ্টিনেচন ৱেডিঙত ১ কোটিৰো অধিক টকা খৰচ কৰিছিল বিশাল ফুকনে।

Shahnawaz Hamza

Related