এইবিধ ৰোগ আপোনাৰো হয় নেকি? তেন্তে কি কৰিব…

এইবিধ ৰোগ আপোনাৰো হয় নেকি? তেন্তে কি কৰিব…

সাধাৰণতে মুখত বা জিভাত হোৱা আলচাৰ বা ঘাঁ সকলোৰে পৰিচিত এক সাধাৰণ সমস্যা।এই সমস্যা সাধাৰণ যদিও ই জটিল হৈ পৰিব পাৰে আৰু ৰূপ, লক্ষণ আদিৰ সামান্য পৰিৱৰ্তন ঘটিয়েই দুৰাৰোগ্য ৰোগলৈ ৰূপান্তৰ হ’ব পাৰে। এইবিধ ৰোগ হ’লে জিভা আৰু মুখত অশান্তিজনক পীড়া হয়। এই ৰোগৰ কাৰণ সমূহ কি কি

অধিক গৰম বস্তু খোৱা বা দাঁত কামোৰা খোৱা
পিত্তৰস বৃদ্ধি হোৱা, পেট পৰিষ্কাৰ নোহোৱা
অত্যধিক মছলাযুক্ত বস্তু খোৱা
দেহৰ হৰমণৰ বিসংগতি
ভিটামিন Cৰ অভাৱ
পাচনতন্ত্ৰ দুৰ্বল হোৱা

আদিকে ধৰি বহু কাৰণত এই ৰোগ হ’ব পাৰে। সাধাৰণত কোনো চিকিৎসাৰ প্ৰয়োজন নোহোৱাকৈ প্ৰায় ৩-৪ দিনত এইৰোগৰ পৰা উপশম পায় যদিও ঘৰুৱা উপায়ৰে এই ৰোগ ভাল কৰিব পাৰি।

ঘৰুৱা পদ্ধতিৰে কি কি কৰিব:

লং ভালকৈ চোবাই তাৰ ৰস ঘাঁ বিলাকলৈ যাব দিব লাগে আৰু মুখৰ পৰা ওলোৱা লেলাৱতী বোৰ বাহিৰত পেলাব লাগে।
নাৰিকল আৰু নাৰিকলৰ পানী খালেও উপশম পাব পাৰি
ৰাতি শুবৰ সময়ত ঘাঁ হোৱা ঠাইত ঘি লগাই শুব লাগে
অত্যন্ত বিষ থাকিলে হালধি পানীত সিজাই সেই পানীৰে কুলকুলি কৰিলে উপশম পাব পাৰি
মৌ লগালে ইয়াৰ বিষ দূৰ হয়
মধুৰীআমৰ কুমলীয়া পাত চোবাব লাগে

অত্য়ধিক মছলাযুক্ত খাদ্য কম খাব লাগে আৰু অত্যধিক পানী খাব লাগে যাতে পেটত পিত্ত দোষ হ’ব নোৱাৰে। মুখ মণ্ডল ভালকৈ চাফা কৰিব লাগে। শাক পাচলি, ফল মুল, গাখীৰ আৰু গাখীৰৰ পৰা উৎপাদিত খাদ্যবস্তু বেছিকৈ খালে আৰু টোপনি ক্ষতি নকৰিলে এই ৰোগৰ পৰা সাধাৰণতে দূৰতে থাকিব পাৰি ।

GTM Desk

Related