ওদালগুৰিৰ নালাপাৰাত চৰকাৰী প্ৰচাৰ কাৰ্যসূচীত উৎসাহেৰে অংশগ্ৰহণ
ৰাইজৰকেন্দ্ৰীয় যোগাযোগ ব্যুৰোৰ দুদিনীয়া ফটো প্ৰদৰ্শনীৰ সামৰণি
কেন্দ্ৰীয় যোগাযোগ ব্যুৰো (চিবিচি), ক্ষেত্ৰ কাৰ্যালয়, তেজপুৰৰ উদ্যোগত ওদালগুৰিৰ নালাপাৰাত আয়োজিত দুদিনীয়া ফটো প্ৰদৰ্শনী তথা সজাগতা কাৰ্যসূচী আজি সফলতাৰে সামৰণি পৰে। ২০৪৭ চনৰ ভিতৰত এখন বিকশিত ভাৰত গঢ়াৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি “বিকশিত ভাৰত @ ২০৪৭” শীৰ্ষক এক প্ৰদৰ্শনী প্ৰদৰ্শিত কৰা হয়।
কাৰ্যসূচীৰ দ্বিতীয় দিনা সকলো বয়সৰ অংশগ্ৰহণকাৰীৰ বাবে কেইবালানি প্ৰতিযোগিতা অনুষ্ঠিত হয়। চিত্ৰাংকন, নৃত্য, কুইজকে ধৰি বিষয়বস্তুভিত্তিক প্ৰতিযোগিতাসমূহৰ জৰিয়তে জনসাধাৰণক উন্নয়নৰ পদক্ষেপ আৰু চৰকাৰী আঁচনিসমূহৰ বিষয়ে সজাগতা সৃষ্টি কৰা হয়। স্থানীয় ৰাইজে উৎসাহেৰে প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰি অনুষ্ঠানটো সফল কৰি তোলে।
আজিৰ অনুষ্ঠানত “বেটি বচাও, বেটি পঢ়াও” শীৰ্ষক এখনি নাটকো পৰিবেশন কৰা হয়।
দুদিনীয়া অনুষ্ঠানৰ সময়ছোৱাত জনসাধাৰণে ২০৪৭ চনৰ দৃষ্টিভংগীৰ লক্ষ্যৰ সৈতে সংগতি ৰাখি এখন সমৃদ্ধিশালী আৰু উন্নত দেশ গঢ়ি তোলাৰ বাবে চৰকাৰৰ দায়বদ্ধতাক উচ্চ প্ৰশংসা কৰে।
প্ৰদৰ্শনীৰ লগতে সজাগতা কাৰ্যসূচীৰ প্ৰধান লক্ষ্য হৈছে সজাগতা বৃদ্ধি কৰা আৰু ২০১৪ চনৰ পৰা প্ৰৱৰ্তিত চৰকাৰৰ নীতি, পদক্ষেপ আৰু আঁচনিসমূহৰ ওপৰত আলোকপাত কৰি “বিকশিত ভাৰত”ৰ দিশত হোৱা অগ্ৰগতি প্ৰদৰ্শন কৰা।
প্ৰদৰ্শনীখনত চৰকাৰৰ মূল কৃতিত্ব আৰু পদক্ষেপসমূহৰ বিশদ বিৱৰণীৰে ৪০টাতকৈও অধিক ফটো পেনেল প্ৰদৰ্শন কৰা হয়, য’ত বিভিন্ন খণ্ডৰ উল্লেখযোগ্য অগ্ৰগতি প্ৰদৰ্শন কৰা হয়।