কোকৰাঝাৰৰ দুবাৰকৈ সাংসদ নৱ কুমাৰ শৰণীয়াৰ মনোনয়ন বাতিল

কোকৰাঝাৰৰ দুবাৰকৈ সাংসদ নৱ কুমাৰ শৰণীয়াৰ মনোনয়ন বাতিল

কোকৰাঝাৰৰ দুবাৰকৈ সাংসদ নৱ কুমাৰ শৰণীয়াৰ মনোনয়ন বাতিল। নিৰ্বাচন আয়োগে বাতিল কৰিলে শৰণীয়াৰ মনোনয়ন। কোকৰাঝাৰৰ ৰিটাৰ্ণিং বিষয়া প্ৰদীপ কুমাৰ দ্বীবেদীয়ে সদৰী কৰিছে এই তথ্য। ST প্ৰমাণপত্ৰক লৈ ৰাজ্যিক কমিটীয়ে দিছিল ৰিপ’ৰ্ট। নিৰ্বাচনী বিষয়াই বাতিল কৰিলে নৱ শৰণীয়াৰ মনোনয়ন। শৰণীয়াৰ আৱেদন আদালতে খাৰিজ কৰিছিল একাধিকবাৰ।

উল্লেখযোগ্য যে, এক নং কোকৰাঝাৰ লোকসভা সমষ্টিত মুঠ ১৬ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল। তাৰে ভিতৰত ১৫ গৰাকীৰ মনোনয়ন বৈধৰূপে গৃহীত হৈছে। সমষ্টিটোৰ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ২২ এপ্ৰিলৰ বিয়লি ৩ বজালৈকে।

Shahnawaz Hamza

Related