গোসাইগাঁৱৰ জামে মছজিদত ভয়ংকৰ অগ্নিকাণ্ড

গোসাইগাঁৱৰ জামে মছজিদত ভয়ংকৰ অগ্নিকাণ্ড

গোসাইগাঁৱৰ চহৰৰ জামে মছজিদত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। জুইৰ লেলিহান শিখাই নিমিষতে মছজিদৰ বস্তু–বাহিনী ৰখা ঘৰৰ লগতে ইয়াৰ কাষতে থকা ঘৰ জুইত ভস্মীভূত হয়। দিনৰ ভাগত এই অগ্নিকাণ্ড সংঘটিত হয়।

ৰাইজ আৰু তিনিখন অগ্নিনিৰ্বাপক গাড়ীৰ তৎপৰতাত চহৰৰ আন দোকান আৰু গৃহ সমূহ কথমপি ৰক্ষা পৰে। এই অগ্নিকাণ্ডৰ সূত্ৰপাট কি আছিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

Shahnawaz Hamza