‘ঘৰৰ লৰা ঘৰলৈ যাম’ :অৱসৰ বিচৰাৰ আঁৰৰ কাৰণ ক’লে IPS আনন্দ মিশ্ৰই
খিমপুৰৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই (IPS Anand Mishra) ভাৰতীয় আৰক্ষী সেৱাৰ পৰা অৱসৰ বিচাৰি অসমৰ ডিজিপিৰ জৰিয়তে মুখ্য সচিবলৈ পত্ৰ প্ৰেৰণৰ বিষয়টোৱে সৰ্বস্তৰত চৰ্চা লাভ কৰিছে। বুধবাৰে সপৰিয়ালে মাজুলীত উপস্থিত হৈ দক্ষিণপাট সত্ৰত সেৱা লৈ চামগুৰি সত্ৰৰ মুখাশিল্প দৰ্শন কৰি সংবাদ মাধ্যমৰ আগত ভাৰতীয় আৰক্ষী সেৱাৰ পৰা অব্যাহতি বিচৰা বিষয়ক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।