চাৰি ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা অব্যাহত, কোন ৰাজ্যত কাৰ অগ্ৰগতি?
আজি চাৰি ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা। মধ্য প্ৰদেশ, ছত্তীশগড়, ৰাজস্থান আৰু তেলেংগানাৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা। বিভিন্ন সংস্থাৰ EXIT POLLত দেখা গৈছে, চাৰিওখন ৰাজ্যতে চৰকাৰ সালসলনি হ’ব পাৰে। ৰাজস্থানত কংগ্ৰেছক গাদীচ্যুত কৰি শাসনলৈ আহিব পাৰে বিজেপি। আনহাতে, মধ্য প্ৰদেশত বিজেপিক আঁতৰাই গাদী দখল কৰিব পাৰে কংগ্ৰেছে। ছত্তীশগড়ত ক্ষমতা ধৰি ৰাখিব কংগ্ৰেছেই। তেলেংগানাত আকৌ কোনো দলেই একক সংখ্যাগৰিষ্ঠতা পোৱাৰ সম্ভাৱনা কম। কিছু সমীক্ষাত দেখা গৈছে ৰাজ্যখনত বিআৰএছ জয়ী হ’ব। তেনেদৰে কেইবাটাও EXIT POLLত আকৌ আগুৱাই ৰখা হৈছে কংগ্ৰেছক।
ইফালে, মিজোৰামৰ ভোটগণনাৰ দিন পিছুৱাই দিয়া হৈছে। আজিৰ পৰিৱৰ্তে সোমবাৰে অৰ্থাৎ ৪ ডিচেম্বৰত এই ৰাজ্যখনত হ’ব ভোটগণনা। ৭ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰৰ ভিতৰত এই পাঁচ ৰাজ্যৰ ভোটগণনা সম্পন্ন হৈছিল।
চাৰি ৰাজ্যৰ ভিতৰত মধ্য প্ৰদেশ, ৰাজস্থান আৰু ছত্তীশগড়ত কাৰ্যত কংগ্ৰেছ-বিজেপিৰ মুখামুখি ৰণ হ’ব। তেলেংগানাত মূল যুঁজ হ’ব ‘ভাৰত ৰাষ্ট্ৰ সমিতি’ (BRS)ৰ সৈতে কংগ্ৰেছৰ। ভোটযুদ্ধত আছে বিজেপিও।
বিভিন্ন সমীক্ষাৰ ফলাফলত প্ৰকাশ পোৱা অনুসৰি, মধ্য প্ৰদেশত ডাঙৰ চমকৰ পূৰ্বাভাস দেখা গৈছে। কোনো সমীক্ষাত কংগ্ৰেছ আগত, কোনো সমীক্ষাত আকৌ কংগ্ৰেছতকৈ বহু আগত বিজেপি। সেয়া যি নহওক, ভোটগণনাৰ অন্তত স্পষ্ট হ’ব EXIT POLLৰ সমীক্ষা কিমান ফলিয়ায়।