তৰুণ গগৈৰ শেহতীয়া স্বাস্থ্যৰ আপডেটঃ এই মূহূৰ্তৰ পৰা সকলো ভগৱানৰ ওপৰত নিৰ্ভৰ কৰিবঃ মন্ত্ৰী হিমন্ত

তৰুণ গগৈৰ শেহতীয়া স্বাস্থ্যৰ আপডেটঃ এই মূহূৰ্তৰ পৰা সকলো ভগৱানৰ ওপৰত নিৰ্ভৰ কৰিবঃ মন্ত্ৰী হিমন্ত

দ্ৰুত অৱনতি ঘটিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্য। সোমবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ বুজ ল’বলৈ পত্নী, কন্যা আৰু পুত্ৰৰ সৈতে গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয়ত উপস্থিত হ’ল স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

পিছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ‘তৰুণ গগৈৰ স্বাস্থ্য এতিয়া ব্যাপক অৱনতি ঘটিছে। তেওঁ এতিয়া সম্পৰ্ণ লাইফ চাপৰ্টোত আছে। কেইবাটাও অংগ ইতিমধ্যে বিকল হৈ পৰিছে। কিছু পৰিমাণে সংকেত পাই আছে মগজুৱে। পেচ মেকাৰ লগোৱাৰ বাবে হাৰ্টে কিছু কাম কৰি আছে। এই মুহূৰ্তত আৰু চিকিত্‍সকৰ হাতত একো নাই। ভৱগানেই এতিয়া শেষ ভৰসা।’

মন্ত্ৰী হিমন্ত বিশ্বৰ মতে, ‘বৰ্তমান তৰুণ গগৈৰ স্বাস্থ্যৰ অৱস্থা অতি শোচনীয়। এনে মুহূৰ্তৰ পৰা ঘূৰাই আনিবলৈ কেৱল ৰাইজৰ প্ৰাৰ্থনা আৰু ভগৱান আশীৰ্বাদৰ প্ৰয়োজন হ’ব।’

Shahnawaz Hamza