Advertisement

দলৰ পৰা নিলম্বিত হ’ল বিজেপিৰ অ’বিচি মৰ্চাৰ ৰাজ্যিক উপ-সভাপতি লাচিত গগৈ

দলৰ পৰা নিলম্বিত হ’ল বিজেপিৰ অ’বিচি মৰ্চাৰ ৰাজ্যিক উপ-সভাপতি লাচিত গগৈ

এক জাননী যোগে এই কথা সদৰী কৰিলে দলটোৰ অসম প্ৰদেশ কমিতিয়ে।

উল্লেখ্য এটা ভাইৰেল অডিঅ’ত নেতা জনৰ নাম চৰ্চালৈ আহিছিল। চুপাৰী ছিণ্ডিকেটৰ বাবে কাৰ্বি আংলং আৰক্ষী অধীক্ষকক আটাছু নেতা মিলন বুঢ়াগোহাঁইৰ জৰিয়তে ধন দিয়া বুলি চৰ্চা হৈছিল অডিঅ’টোত। যাৰ বাবে কাৰ্বি আংলং আৰক্ষীয়ে চৰাইদেউ জিলাৰ কচুমাৰীৰ পৰা আটক কৰিছিল বিজেপি নেতাগৰাকীক।

ইয়াৰ পাছতেই সমগ্ৰ বিষয়টোয়ে ৰাজনৈতিক মহলত বাৰুকৈয়ে প্ৰভাৱিত কৰিছিল। আৰু দেওবাৰে নেতাগৰাকীক দলৰ পৰা নিলম্বিত কৰে দলীয় কৰ্তৃপক্ষই।

Shahnawaz Hamza

Related